চাবুৱা- জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত বুধবাৰে এক ফটোগ্ৰাফী কৰ্মশালাৰ আয়োজন কৰা হয়। প্ৰশিক্ষাৰ্থী সকলৰ মাজত ফটোগ্ৰাফী সম্পৰ্কে সজাগতা সৃষ্টি কৰা তথা ব্যৱহাৰিক জ্ঞান দিয়াৰ উদ্দেশ্যে প্ৰতিষ্ঠানৰ জিলা সমল গোটৰ উদ্যোগত পোনপ্ৰথমবাৰলৈ ফটোগ্ৰাফী কৰ্মশালাখন আয়োজন কৰা হৈছিল।

উক্ত কৰ্মশালাখনত সমল ব্যক্তি ৰূপে চাবুৱা অঞ্চলৰ উদীয়মান ফটোগ্ৰাফাৰ তাৰ্কিক দত্ত উপস্থিত থাকে। জিলা সমল গোটৰ প্ৰবক্তা স্বৰাজ ফুকনৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা কৰ্মশালা খনত প্ৰায় ৯০ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰায় ৩ ঘন্টা জুৰি চলা কৰ্মশালাখনত ফটো তোলাৰ বিভিন্ন নীতি-নিয়ম, কেমেৰা, লেনছৰ প্ৰকাৰ আদি সম্পৰ্কে বিস্তাৰিত ভাৱে আলোচনা কৰা হয়। কৰ্মশালাখনত প্ৰতিষ্ঠানৰ অধ্যক্ষা ৰুণু গগৈ সোণোৱালকে মুখ্য কৰি বহুকেইজন প্ৰবক্তাও উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply