ডিগবৈ- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমনৰ প্ৰাকমুহূৰ্তত শুকুৰবাৰে ডিগবৈত সংঘটিত হোৱা বোমা আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ।
শেহতীয়াকৈ এক বিবৃতিযোগে দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে।
উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া ৬.৪৫বজাত সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা।
ডিগবৈৰ ৩নং গাডো়ৱাল ৰেজিমেন্টৰ সেনা শিবিৰত সংঘটিত হৈছিল এই আক্ৰমণ। সেনাৰ লগতে অসম আৰক্ষীয়ে এই বোমা বিস্ফোৰণ হোৱাৰ কথা অস্বীকাৰ কৰিছে |