নিউজ ডেস্ক– দাক্ষিণাত্য়ৰ ছুপাৰষ্টাৰ ৰজনীকান্তে নিজৰ দল গঠনৰ কথা ঘোষণা কৰে। ৩১ডিচেম্বৰত আনুষ্ঠানিক ভাৱে ঘোষণা কৰিব দলটোৰ বিষয়ে সকলো কথা। বৃহস্পতিবাৰে দেশবাসীক টুইটযোগে জনালে ৰজনীকান্তে।
A political party will be launched in January; Announcement regarding it will be made on December 31st, tweets actor Rajinikanth pic.twitter.com/K2MikOk30I
— ANI (@ANI) December 3, 2020
এই সন্দৰ্ভত সোমবাৰে চেন্নাইত ৰজনীকান্তে ‘ৰজনী মক্কল মদ্ৰম’(আৰ এম এম)ৰ জিলা সচিবসকলক সাক্ষাৎ কৰি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সমৰ্থকসকলৰ সৈতে বৈঠকৰ অন্তত তেওঁ অতি শীঘ্ৰে ৰাজনীতিত প্ৰৱেশ কৰা সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব বুলি কৈছিল।
ৰজনীকান্তে কৈছিল যে তেওঁ, ‘মই যি সিদ্ধান্ত গ্ৰহণ কৰোঁ তাক তেওঁলোকে সমৰ্থন কৰিব। মই মোৰ সিদ্ধান্তৰ কখা যথা সম্ভৱ সোনকালে প্ৰকাশ কৰিম।’ নিজ বাসগৃহত আয়োজিত সংবাদমেলত এইকথা প্ৰকাশ কৰে ছুপাৰষ্টাৰগৰাকীয়ে।
অন্তিম মাহত অভিনেতাজনে ইংগিত দিছিল যে তেওঁৰ ৰাজনীতি প্ৰৱেশত আৰু অধিক সময় লাগিব পাৰে। যোৱা দুবছৰৰ পৰা ৰজনীকান্ত ৰাজনীতিৰ সৈতে জড়িত হৈ আছে যদিও সক্ৰিয় ৰূপত ৰাজনীতিত প্ৰৱেশ কৰা নাছিল।
উল্লেখ্য যে তামিলনাডুৰ বিধানসভা নিৰ্বাচন অহা বছৰৰ এপ্ৰিল-মে’ মাহত হ’ব। আৰু ইয়াৰ আগমূহুৰ্তত ৰজনীকান্তৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশে নিশ্চিতৰূপে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।