নিউজ ডেস্কঃ উজনি অসমৰ শিক্ষাৰ প্রাণকেন্দ্র ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে নিজৰ ক্ষমতা– পদমর্যাদাৰ অপব্যৱহাৰেৰে ৰাজহুৱা পুঁজিত লুণ্ঠনৰাজ চলোৱাটো স্পষ্ট হৈছে৷ উপাচার্য ড০ তামুলীৰ সন্মুখতে উচ্চ শিক্ষানুষ্ঠানখনত সংঘটিত দুর্নীতি সন্দর্ভত নিলম্বিত উপ–পঞ্জীয়ক (বিত্ত আৰু হিচাপ) দিগন্ত বৰাই কেতবোৰ বিস্ফোৰক স্বীকাৰোক্তি দিছে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচার্য অধ্যাপক জগদীশ মুখীয়ে গঠন কৰি দিয়া উচ্চ পর্যায়ৰ তদন্ত কমিটীক৷ বিশ্ববিদ্যালয়খনৰ উপাচার্য, নিলম্বিত পঞ্জীয়ক ড০ হৰিশ চন্দ্র মহন্ত আৰু উপ–পঞ্জীয়ক (বিত্ত আৰু হিচাপ) বৰাক তদন্ত কমিটীয়ে সোধাপোছা কৰাৰ সময়তে এই কথা প্ৰকাশ পাইছে বুলি বিশ্ববিদ্যালয়ৰ এক সুত্ৰই প্ৰকাশ কৰিছে ৷ তিনিওজনকে প্রথমে অকলশৰীয়াকৈ আৰু পাছত একলগে দুর্নীতিৰ অভিযোগ সন্দর্ভত বিভিন্ন প্রশ্ন কৰে তদন্ত কমিটীয়ে৷
উপাচাৰ্য ড০ তামুলীয়ে ট্রেভেল এজেন্সীৰ ফাইলৰ লগতে বিশ্ববিদ্যালয়খনৰ বিত্ত বিভাগৰ কেতবোৰ গুৰুত্বপূর্ণ নথি–পত্র লুকুৱাই থ’বলৈ পৰামর্শ দিয়া বুলি তেওৰেই সন্মুখতে স্বীকাৰ কৰে নিলম্বিত উপ–পঞ্জীয়ক (বিত্ত আৰু হিচাপ) বৰাই৷
সূত্রটোৱে দাবী কৰা অনুসৰি এনেধৰণৰ তথ্য ফাদিল হোৱাৰ পাছত যদিহে উপাচার্য ড০ তামুলীয়ে পদত্যাগ নকৰে, তেন্তে তেওঁ গুৰু শাস্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্রকট৷ ইফালে ৰাজ্যপাল তথা আচার্য অধ্যাপক মুখীৰ দ্বাৰা গঠিত তদন্ত কমিটীয়ে বিশ্ববিদ্যালয়খনৰ বিত্তীয় কেলেংকাৰিৰ অনুসন্ধান প্রক্রিয়া সম্পূর্ণ কৰি গুৱাহাটীলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে৷ কাইলৈ ৰাজ্যপাল তথা আচার্য অধ্যাপক মুখীক তেওঁলোকে বিতং প্রতিবেদন দাখিল কৰাৰ কথা৷ এই প্রতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই আচার্য তথা ৰাজ্যপাল অধ্যাপক মুখীয়ে শেষ সিদ্ধান্ত গ্রহণ কৰাৰ বাট প্রশস্ত হৈ পৰিব বুলি চর্চা লভিছে৷ উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ বিষয়া–কর্মচাৰী, শিক্ষক–শিক্ষয়িত্রীৰ ধাৰাবাহিক আন্দোলনৰ পাছতেই ৰাজ্যপাল অধ্যাপক মুখীয়ে সমগ্র বিষয় তদন্তৰ বাবে এখন উচ্চ পর্যায়ৰ কমিটী গঠন কৰি দিয়ে৷
তদন্ত কমিটীখনত থকা উজনি অসমৰ আয়ুক্ত মলয় বৰা, শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, ফৰেনছিকৰ বিজ্ঞানী ৰাজীৱ শেনচোৱা আৰু ইচৰাফ্রিল মুছাহাৰীয়ে বিশ্ববিদ্যালয়খনত উপস্থিত হৈ বিভিন্ন নথি–পত্র পৰীক্ষা কৰাৰ লগতে শিক্ষক সন্থা, বিষয়া সন্থা, কর্মচাৰী সন্থা, আছু গোটৰ প্রতিনিধিৰ ভাষ্য গ্রহণ কৰি উভতি গৈছে ৷ তদন্ত কমিটীৰ প্রতিবেদন দাখিলৰ পাছত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ তামুলীৰ বিৰুদ্ধে ৰাজ্যপাল তথা আচার্য অধ্যাপক মুখীয়ে কি ব্যৱস্থা গ্রহণ কৰে ৷
উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ তামুলীৰ বিৰুদ্ধে উত্থাপিত গাড়ীৰ ভুৱা বিল, অস্তিত্বহীন হোটেলত নৈশ যাপনৰ বিল দাখিল কৰি বিশ্ববিদ্যালয়ৰ পুঁজিৰ পৰা ধন উলিয়াই নিয়া, অসমীয়া বিভাগত সংঘটিত টাইল্ছ কেলেংকাৰি সন্দর্ভত তদাৰকী কোষে দাখিল কৰা তদন্ত প্রতিবেদন গাপ দি ৰখা, মহামাৰী ক’ৰোনাৰ বাবে চৰকাৰে নতুন গাড়ী ক্রয়ত নিষেধাজ্ঞা দিয়া সত্ত্বেও নতুন ইন’ভা গাড়ী ক্রয় কৰা, বিশ্ববিদ্যালয়ৰ বিভিন্ন পদবীত নতুন নিয়োগ আৰু অৱসৰৰ পাছত পুনঃনিয়োগৰ ক্ষেত্রত স্বজন–তোষণ নীতি গ্রহণ কৰা, বিশ্ববিদ্যালয়ৰ পৰিকল্পনা আৰু নির্মাণ বিভাগৰ বিষয়াই বিভিন্ন বিধি, অধ্যাদেশ আদিক ভৰিৰে মোহাৰি পেলোৱা, বিভিন্ন নির্মাণ আৰু যোগান কার্যত ছিণ্ডিকেট গঢ়ি তোলা, নিবিদা আহ্বান আৰু ঠিকা আবণ্টনৰ ক্ষেত্রত ভাৰত চৰকাৰৰ কেন্দ্রীয় তদাৰকী কোষৰ পৰামর্শাৱলী আৰু সাধাৰণ বিত্তীয় নিয়মাৱলীৰ উলংঘন কৰা, প্রজেক্ট মনিটৰিং কোষ স্থাপনৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠিত প্রক্রিয়া উলংঘা কৰি বিভিন্ন সা–সৰঞ্জাম আদি ক্রয়ৰ দ্বাৰা বিত্তীয় অনিয়ম সংঘটিত কৰা আদি এশ এটা অভিযোগ সন্দর্ভত এই তদন্ত কৰিবলৈ ৰাজ্যপালে কমিটিখন গঠন কৰিছে ৷