ডিব্ৰুগড়– ডিব্ৰুগড়ত মুকলি হ’ল আন্তৰ্জাতিক মানদণ্ডৰ মিউজিয়াম। বুধবাৰে আজি অসম দিৱসৰ দিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে উজনী অসমৰ ভিতৰত অত্যাধুনিক প্ৰত্নতত্ব সংগ্ৰহালয়টো।
উল্লেখ্য যে ডিব্ৰুগড়ত ১৯৮৭ চনতে সংগ্রহালয়তো স্থাপন কৰা হৈছিল যদিও ডিব্ৰুগড় জিলা পুথিভঁৰালতে অস্থায়ী ভাৱে আছিল। সম্প্রতি মুঠ ৩.৪৩ কোটি টকা ব্যয়সাপেক্ষে এই ভৱনটিৰ নির্মাণ কৰি উলিওৱা পাছত আজি উদ্বোধন কৰা হয়।
তিনিমহলীয়া ভৱনটিত আছে ছটা প্রস্তাৱিত বীথিকা,পাৰ্কিং স্থান, এটা অত্যাধুনিক প্রেক্ষাগৃহ, কার্যালয় ভৱন আদি। উল্লেখ্য যে সম্প্রতি সংগ্রহালয়ত থকা অন্যতম গুৰুত্বপূর্ণ সম্পদসমূহৰ ভিতৰত অন্যতম হল গন্ধসৰৈ শিলালিপি, যাৰ আনুমানিক সময়সীমা ৬৭৫ খ্রী-৭২৫ খ্রী।
তদুপৰি এই সংগ্রহালয়ত অসমৰ ভিতৰতে আপুৰুগীয়া আৰু অন্যন্য সমল সম্পদ ৰখাৰ ব্যৱস্থা কৰা হৈছে। যাৰ ভিতৰত মনসা ভাস্কর্য,১০ ম শতিকাৰ স্থাপত্যৰ ভগ্নাবশেষ,আমবাৰী প্রত্নতাত্বিক ক্ষেত্ৰৰ খননৰ পৰা উদ্ধাৰ হােৱা আপুকগীয়া সমল আদি অন্যতম।
লগতে বিভিন্ন ঐতিহাসিক মুদ্রা, বস্ত্র, প্রাচীন অস্ত্র-শস্ত্র, সাঁচিপাতৰ পুথি আৰু নৃতাত্বিক বীথিকা আদি আছে।উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নব কুমাৰ দলে, ডিক্রগড় আৰু লাহােৱালৰ বিধায়কদ্বয় ক্রমে প্রশান্ত ফুকন আৰু ঋতুপর্ণ বৰুৱা আৰু অন্যান্য কেইবাজনাে গণ্য মান্য বক্তি উপস্থিত থাকে।