উপাচাৰ্য ৰঞ্জিত তামুলীক নিলম্বন Credit: ইষ্ট ম'জ'

নিউজ ডেস্ক– ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত বিত্তীয় দুৰ্নীতিৰ অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰঞ্জিত তামুলীক নিলম্বন কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখীয়ে নিলম্বন কৰে ৰঞ্জিত তামুলীক।

উল্লেখ্য় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত দুৰ্নীতিৰ সন্দৰ্ভত ৰাজ্যপালে গঠন কৰি দিছিল উচ্চ পৰ্যায়ৰ তদন্ত কমিটি। তদন্ত কমিটিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় খনৰ বিত্ত আৰু হিচাব পত্ৰ বিভাগত মূল কপিবোৰ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

উপাচাৰ্য ৰঞ্জিত তামুলীৰ বিৰুদ্ধে শিক্ষকক অপদস্ত কৰাৰ দৰে অভিযোগো উত্থাপন হৈছিল। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সকলো খৰ্গহস্ত হৈছিল উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে। দীৰ্ঘদিনধৰি শিক্ষাৰ্থী সকলে প্ৰতিবাদ সাব্য়স্ত কৰিও আহিছিল। অৱশেষত ক্ষমতাৰ অপব্য়ৱহাৰ তথা বিত্তীয় অনিয়মৰ অভিযোগত উপাচাৰ্য গৰাকীক নিলম্বন কৰা হয়।

ইয়াৰ পূৰ্বে বিত্তীয় অনিয়মৰ তথ্য পোহৰলৈ অহাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালযৰ পঞ্জীয়ক হৰিচন্দ্ৰ মহন্ত, উপ-পঞ্জীয়ক(বিত্ত) দিগন্ত বৰাক নিলম্বন কৰিছিল কাৰ্যবাহী পৰিষদে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply