নিউজ ডেস্ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত দুৰ্নীতিৰ সন্দৰ্ভত ৰাজ্যপালে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ তদন্ত কমিটিয়ে কাম আৰম্ভ কৰিয়েই বিপাঙত পৰিছে | তদন্ত কমিটিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় কাৰ্যবাহী পৰিষদে নিলম্বন কৰা পঞ্জীয়ক হৰিশ চন্দ্ৰ মহন্ত আৰু উপ পঞ্জীয়ক দিগন্ত বৰাৰ ভাষ্য লৈছে, দুয়োকে ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদ এৰি নাযাবলৈ নিৰ্দেশ দিছে |
তদন্তকালত বহু গুৰুত্বপূৰ্ণ নথিৰ মূল কপী লাভ নকৰাৰ তথ্য পোহৰলৈ আহিছে | উপাচাৰ্য ৰঞ্জিত কুমাৰ তামুলীয়ে ব্যবহাৰ কৰা গাড়ীৰ ট্ৰেভেল এজেন্সী আৰু হোটেলৰ ৰচিদসমূহত কোনো পাৰ্থক্য নোপোৱাৰ কথা পোহৰলৈ আহিছে | দুয়োবোৰ ৰচিদত থকা হাতৰ আখৰ বোৰ একেজনৰেই বুলি ফৰেনচিক বিশেষজ্ঞৰ দ্বাৰা প্ৰমানিত হোৱা বুলি জানিব পৰা গৈছে |
আনহাতে এখন স্কুটাৰে লখিমপুৰ আৰু শ্বিলংলৈ অহাযোৱা কৰা উপাচাৰ্য গৰাকীৰ গাড়ীৰ বিলৰ লগতে নিশাকটোৱা হোটেলৰ বিলৰ হস্তাক্ষৰৰ নমুনা একেই যদিও মূল ৰচিদ বোৰ নাইকীয়া হোৱা বুলি জানিব পৰা গৈছে | তদন্ত কমিটিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় খনৰ বিত্ত আৰু হিচাব পত্ৰ বিভাগত মূল কপিবোৰ নোপোৱাৰ বিষয়টোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে |
আনহাতে ফেক্টছ ফাইন্ডিং কমিটিয়ে সেই তথ্যবোৰ পৰীক্ষা কৰিবলৈ যোৱাৰ সময়ত নোপোৱাৰ লগতে কাৰ্যলয়ৰ বিষয়াই সেই ক্ষেত্ৰত সহযোগ নকৰাত কমিটিৰ তিনিজন সদস্য পল্লবী ডেকা বুজৰবৰুৱা, দয়ানন্দ দত্ত আৰু অসীম গগৈয়ে কমিটিৰ পৰা যোৱা ২৯ জানুৱাৰীতেই অব্যাহতি লৈছিল |
ৰাজ্যপালে তদন্ত কৰিবৰ বাবে গঠন কৰি দিয়া তদন্তকাৰী দলটোৰ সদস্য উজনি অসমৰ আয়ুক্ত মলয় বৰা, শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, ফৰেনচিক বিশেষজ্ঞ ৰাজীব শেনচোৱা আৰু ইচৰাফিল মুছাহাৰীয়ে গুৰুত্বপূৰ্ণ নথিবোৰ নোপোৱাৰ ফলত তদন্তৰ ক্ষেত্ৰতে সমস্যাৰ সন্মুখীণ হৈছে |
শিক্ষক-কৰ্মচাৰীয়ে তদন্তকাৰী দলটোক সহযোগিতা আগবঢ়াইছে যদিও মূল নথি পত্ৰ কপি হৰলুকি হোৱীত তদন্তত কিছু জটিলতা অহাৰ শংকা প্ৰকাশ কৰিছে শিক্ষক সন্থাৰ সভাপতি লক্ষীৰাম শইকীয়াই |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ লগতে শিক্ষক কৰ্মচাৰী সকলে ৫৬ বছৰীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাসত কালিমা লগোৱা কোনো ব্যক্তিকেই ডিব্ৰুগড় বিশ্ববিদ্যালয় সমাজে ক্ষমা নকৰে বুলি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিছে |