নিউজ ডেস্ক:
অধ্যাপক এল কে নাথক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। বৃহস্পতিবাৰে,অসমৰ ৰাজ্যপাল আচাৰ্য জগদীশ মুখীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ নিযুক্তিৰ কথা প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে। বিবৃতিত উল্লেখ কৰা অনুসৰি, বিশ্ববিদ্যালয়খনৰ ভেষজ বিজ্ঞান( Department of Pharmaceutical Sciences) বিভাগৰ অধ্যাপক এলকে নাথক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে দায়িত্বভাৰ দিয়া হয়।
উল্লেখ্য যে, বৰ্তমান উপাচাৰ্য হিচাপে দায়িত্বত থকা অধ্যাপক আৰ.এন.এছ. যাদৱৰ ২৮ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে অৱসৰ গ্ৰহণৰ পাছতেই নতুন উপাচাৰ্যই দায়িত্বভাৰ গ্ৰহণ কৰিব