ডিব্ৰুগড় – দুৰ্গোৎসৱৰ মাজতে দুজনকৈ যুৱকক অপহৰণ কৰি ধনদাবীৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ডিব্ৰুগড়ৰ লাহোৱাল থানাৰ অন্তৰ্গত টিমনা অগ্নিপথাৰ ইটাভাটাত সংঘটিত হৈছে এই ঘটনা। তথ্য অনুসৰি, তিনিচুকীয়া জিলাৰ নপুখুৰী অঞ্চলৰ তাপস বৰপূজাৰী আৰু তিনিচুকীয়াৰ শুকান পুখুৰীৰ শংকৰ জয়শ্ৰী নামৰ দুই যুৱ ব্যৱসায়ীক AS 061-0105 নম্বৰৰ এখন হোন্দা চিটি বাহনত অপহৰণ কৰি নিশা এজোপা গছত হাত-ভৰি বান্ধি শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে সাতলাখ টকা দাবী কৰে অপহৰণকাৰীয়ে।

ইফালে পৰিয়ালৰ লোকে দাকিল কৰা এজাহাৰৰ ভিত্তিত লাহোৱাল আৰক্ষীয়ে যোৱানিশাই ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰ পিছতে অপহৰণকাৰীয়ে আৰক্ষীকো আক্ৰমণ কৰাৰ লগতে পিষ্টল পৰ্যন্ত কাঢ়ি নিয়াৰ চেষ্টা চলায়। অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে উক্ত ঘটনাত জড়িত ৪ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে অপহৰণ কাৰ্যত ব্যৱহৃত গাড়ীখনো জব্দ কৰিবলৈ সক্ষম হয় আৰু অপহৃত যুৱক দুজনক উদ্ধাৰ কৰে ।

আনহাতে, যুৱক দুজনৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২/৩৮৭/৩২৫/৫০৬/৪২৭/৩৪ ধাৰাৰ অধীনত ২৩৩/২০ নং গোচৰ পঞ্জীয়ন কৰি মহম্মদ চাহানুজ হুছেইন (২৭), আবাদুল হুছেইন (৬৫), মহম্মদ চাৰাউদ্দিন আলী (২৭) আৰু মহম্মদ ছমিৰ আনচাৰি (৪৪) নামৰ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply