চাবুৱা– ডিব্ৰুগড়ৰ জিলা সমল গোটৰ উদ্যোগত চাবুৱা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত অলপতে এখন ৱেব কৰ্মশালা অনুষ্ঠিত হৈ যায়। “In the fight against misinformation, empowering citizens in India through news and information literacy” শীৰ্ষক ৱেব কৰ্মশালা খনত জিলা সমল গোটৰ প্ৰবক্তা স্বৰাজ ফুকনে প্ৰাৰম্ভিক আৰু আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে।
ফেক্টশালাৰ প্ৰশিক্ষক তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ৰূপম দাসে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি বিষয় সন্দৰ্ভত তত্বগধূৰ আলোচনা আগবঢ়ায়। তেওঁ ভুৱা বাতৰি (Fake News) সম্পৰ্কে বিশদ ভাৱে ব্যাখ্যা আগবঢ়োৱাৰ লগতে ভুৱা বাতৰি চিনাক্ত তথা প্ৰতিৰোধ কৰাৰ কেইটামান কৌশলো অংশগ্ৰহণকাৰী সকলক অৱগত কৰে।
সমন্বয়কে কৰ্মশালাখনত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীৰ মাজৰ পৰা সমল ব্যক্তি ৰূপম দাসে সাৱলীলভাৱে উত্তৰ দি সকলোকে মুগ্ধ কৰে।
উল্লেখযোগ্য যে এই কৰ্মশালাখন ডাটালীডছ আৰু গুগল নিউজৰ উদ্যোগত ফেক্টশালাই ভাৰতত আৰম্ভ কৰা সংবাদ আৰু তথ্য সাক্ষৰতা কাৰ্য্যসূচীৰ এক অংশ হিচাপে অনুষ্ঠিত হৈছিল।