ডিব্ৰুগড় – ৰাষ্ট্ৰীয় শিক্ষা দিৱস উপলক্ষে ডিব্ৰুগড় জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত বুধবাৰেএক কথোপকথন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ‘অৱনিতি এডুকেশ্যন আৰু ট্ৰেউনিং ফাউণ্ডেচন’ৰ প্ৰতিষ্ঠাপক সদস্য প্ৰশুন গোস্বামী।
শিক্ষাৰ প্ৰাসংগিকতা, শিক্ষাৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক দিশ তথা প্ৰাৰম্ভিক শিক্ষাত অংগনবাড়ী কৰ্মীসকলৰ প্ৰাসংগিকতা সন্দৰ্ভত তেখেতে বক্তব্য ৰাখে। অনুষ্ঠানটো পৰিচালনাত সহায় কৰে প্ৰতিষ্ঠানৰ প্ৰবক্তা স্বৰাজ ফুকন আৰু ৰঞ্জন বৰাই|
উল্লেখযোগ্য যে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম দিনটোক ২০০৮ চনৰ পৰা সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰি অহা হৈছে।