দধীয়া-লাইকাৰ খিলঞ্জীয়া জনতাৰ আকৌ পুনৰ সংস্থাপনৰ দাবী

নিউজ ডেক্স:- চৰকাৰ আহিছে আৰু গৈছে সকলোৱে তেঁওলোকক সংস্থাপনৰ কথা কৈ আহিছে যদিও কাৰ্যত যোৱা দশক ধৰি এইসকল লোক নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিয়েই অঘৰীৰ দৰে দিন কটাব লগা হৈছে | এইসকল হ’ল দধীয়া-লাইকাৰ দুৰ্ভগীয়া ৰাইজ | এতিয়া হাড় কঁপোৱা প্ৰচণ্ড শীতৰ মাজতো নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আকৌ ওলাই আহিছে ডিব্ৰু-ছৈখোৱাৰ দধীয়া-লাইকাৰ হাজাৰ হাজাৰ জনতা। তিনিচুকীয়া বৰগুৰিত যোৱা এসপ্তাহত কৈ অধিক দিন ধৰি অস্থায়ী শিবিৰত অব্যাহত ৰাখিছে অনিৰ্দিষ্টকালীন প্ৰতিবাদ।

যোৱা দুই দশকৰো অধিক কাল দধীয়া-লাইকাৰ খিলঞ্জীয়া জনতাই আকৌ পুনৰ সংস্থাপনৰ দাবীক আওকাণ কৰি অহাৰ অভিযোগ তুলি ক্ষোভিত হৈ বনগাঁওবাসী ওলাই আহিছে ৰাজপথলৈ। ইতিমধ্যে এই কাৰ্যসূচীলৈ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ব্যাপকভাৱে সঁহাৰি জনাই আশ্ৰয় লৈ থকা প্ৰতিবাদকাৰীলৈ আগবঢ়াইছে খাদ্য সামগ্ৰী।

দধীয়া-লাইকাৰ খিলঞ্জীয়া জনতাৰ আকৌ পুনৰ সংস্থাপনৰ দাবী

মিচিং জনজাতি অধ্যুষিত দধীয়া আৰু লাইকাৰ অঞ্চলৰ পমুৱা, নং১ পাচিদিয়া, নং২ পাচিদিয়া, কুলিগাঁও, টেঙাবাৰী, চাৰিসুঁতি, ম’হমৰা, ৰিগবিৰ ১২ শতাধিক গৃহহাৰা পৰিয়ালে পুহমহীয়া প্ৰচণ্ড শীতত তিৰ্পালৰ তলত নিজৰ মাটিৰ অধিকাৰৰ বিচাৰি প্ৰতিবাদ কৰি আছে যদিও চৰকাৰ প্ৰশাসনৰ ইয়াক লৈ কোনো গুৰুত্ব নাই |

মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে কয়, ‘ভূমিপুত্ৰৰ পুনৰসংস্থাপনৰ নামত এই চৰকাৰখনে মাত্ৰ ভুৱা আশ্বাস দি আহিছে। আজি এসপ্তাহ ধৰি জিলা প্ৰশাসনৰ পৰা কোনো ব্যৱস্থা লোৱা নাই।’

দধীয়া-লাইকাৰ খিলঞ্জীয়া জনতাৰ আকৌ পুনৰ সংস্থাপনৰ দাবী

বৰ্তমানৰ বিজেপি চৰকাৰ খনেও তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ লাইকা-দধিয়াবাসীক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ২০১৮ মাৰ্চ মাহৰ ভিতৰত পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে |

বান-খহনীয়াত সৰ্বস্বান্ত লাইকা-দধিয়াৰ প্ৰায় ২০০ টা পৰিয়ালে ডিগবৈ সংমণ্ডলৰ অধীনৰ লক্ষীপথাৰ, পেঙেৰীৰ তৰাণি সংৰক্ষিত বনাঞ্চলত সংস্থাপিত হ’বলৈ যাওঁতে অঞ্চলবিলাকৰ স্থানীয় ৰাইজৰ সৈতে তীব্ৰ সংঘাতত লিপ্ত হৈছিল। তেতিয়া মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম গৈ আশ্বাস দিছিল যদিও কাৰ্যকৰী কৰাত কোনো গুৰুত্ব নিদিলে | এতিয়া প্ৰচন্ড শীতত প্ৰাপ্য সুবিধাৰ বাবে সংগ্ৰাম কৰিব লগা হোৱা এই সকল দূৰ্ভগীয়াৰ বিনণি কোনে শুনিব |

লাইকা-দধিয়াৰ পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে স্থায়ী সমাধান উলিয়াবলৈ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জ্যেষ্ঠ বিষয়াসকলেৰে এখন সমিতি গঠন কৰিছে। ২০২১ বৰ্ষৰ ৩১ জানুৱাৰীৰ ভিতৰত যাৱতীয় সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

এই সংক্ৰান্তীয় সকলো প্ৰক্ৰিয়া সঠিকভাৱে সম্পূৰ্ণ কৰাৰ লগতে পুনৰ সংস্থাপনৰ বিষয়টো মানৱীয় দৃষ্টিৰে ৰূপায়ণ কৰিবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply