দয়ামণি চেতিয়া, তিনিচুকীয়া: ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বহু পৰিমানৰ শগুণৰ লগতে গৰু, পহুক মৃত্যু হোৱা ঘটনাক লৈ উদিগ্ন হৈ পৰিছে কাষৰীয়া অঞ্চলটোৰ বাসিন্দাসকল ।
ডিব্ৰু ছৈখোৱাৰ নিচেই কাষতে শদিয়া সমষ্টিৰ অন্তৰ্গত বৰগড়া-ধুলিজান গাঁওৰ বিশাল খেতি পথাৰত যোৱা দিন কেইটাত প্ৰায় ৪০/৫০ টাকৈ শগুণৰ মৃত্যু হোৱাৰ পিছতো বিভাগীয় মহলৰ মাজত এতিয়ালৈকে বিষয়টোক লৈ কোনো ধৰনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ |
বন বিভাগৰ চৰম অৱহেলাৰ বাবেই ডিব্ৰু ছৈখোৱা নিচিনা এখন ৰাষ্ট্ৰীয় উদ্যানৰ কাষতেই এনে ঘটনা সংঘটিত হবলৈ পাইছে । স্থানীয় গাওবাসীয়ে প্ৰকাশ কৰা মতে যোৱা কেইটামান দিন ধৰি অঞ্চলটোত পাঁচটা মান গৰু মৰিছে , সেই গৰুবোৰ খাই ৪০/৫০টা মান শগুণৰ মৃত্যু হৈছে | সেই বিষয়টো বন বিভাগক জনোৱা হৈছে যদিও আজিলৈকে কোনো গুৰুত্ব দিয়া নাই | ৰাইজে এতিয়া নিজেই গাত খান্দি শগুণবোৰ পুতি থব লগা হৈছে |
দুৰ্ভাগ্যজনক বিষয় যে চৰকাৰৰ এটা বিয়াগোম বন বিভাগ থকাৰ পিছটো ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত শগুন লগতে পহু আৰু গৰু পক্ষী মৃত্যু হোৱা বিষয়টোক লৈ কোনো গুৰুত্ব নাই । বহু পৰিমানৰ শগুনৰ মৃত্যু হোৱা কথাটো সহজ ভাৱে লোৱা নাই স্থানীয় ৰাইজে|