গুৱাহাটী – লাষ্ট গেটত ডিমাছা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ডিমাছা ছাত্ৰ সন্থাৰ শতাধিক কৰ্মকর্তাই উত্তাল কৰি তোলে লাষ্ট গেট। ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ডিমাছা ছাত্ৰ সন্থাৰ। চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে লাষ্ট গেটৰ পৰিৱেশ।
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিবেশন। ডিমাছা ছাত্ৰ সন্থাই বাজেট অধিবেশৰ প্ৰথম দিনাই লাষ্ট গেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ডিমা হাছাও জিলাৰ বাহিৰত বসবাস কৰা ডিমাছা লোক সকলৰ বাবে সুকীয়া স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত ডিমাছা ছাত্ৰ সন্থাই লাষ্ট গেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।
প্ৰতিবাদকাৰী ডিমাছা ছাত্ৰ সন্থাৰ কৰ্মকর্তা সকলে আমাক স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰক, আমাৰ দাবী মানিবাই লাগিব আদি শ্ল’গানেৰে লাষ্ট গেটৰ পৰিৱেশ উত্তাল কৰি তোলে। ডিমাছা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰফুল্ল হাফিলাই কয় যে ডিমা হাছাও জিলাৰ বাহিৰত প্ৰায় তিনি লাখ ডিমাছা লোক বসবাস কৰে কিন্ত এইসকল লোকৰ বাবে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই।
প্ৰফুল্ল হাফিলাই লগতে কয় যে ডিমা হাছাও জিলাৰ বাহিৰত বসবাস কৰা ডিমাছা লোক সকলৰ কৃষ্টি-সংস্কৃতিৰ কোনো ধৰণৰ সুৰক্ষা নাই গতিকে আমাৰ কৃষ্টি-সংস্কৃতিৰ ৰক্ষাৰ বাবে চৰকাৰে ডিমা হাছাও জিলাৰ বাহিৰত বসবাস কৰা ডিমাছা লোক সকলৰ বাবে সুকীয়া স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিব লাগে।