নাগালেণ্ড এক্সপ্ৰেছক লৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ সিদ্ধান্তক লৈ ক্ষোভ ছাত্ৰ সংগঠনৰ

নিউজ ডেক্স:-উত্তৰ পূব সীমান্ত ৰেলৱেৰ শেহতীয়া এক সিদ্ধান্তক লৈ ক্ষোভিত হৈ পৰিছে ডিমাপুৰ নাগা ছাত্ৰ সংগঠনে | সংগঠনটোৱে ডিমাপুৰ ৰে’লৱে ষ্টেশ্যনৰ মাজেৰে পাৰ হৈ যোৱা সকলো ধৰণৰ ৰে’ল যাত্ৰা বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰিছে |

উত্তৰ-পূব সীমান্ত ৰে’লৱেই অসমৰ লিডুলৈকে নাগালেণ্ড এক্সপ্ৰেছ চলোৱাৰ সিদ্ধান্ত বাতিল নকৰিলে ডিমাপুৰ নাগা ছাত্ৰ সন্থাই ডিমাপুৰ ৰে’ল ষ্টেশ্যনৰ মাজেৰে যোৱা সকলো ধৰণৰ ৰে’ল অৱৰোধ কৰিব বুলি হুমকি দিয়ে। বৰ্তমান নাগালেণ্ড এক্সপ্ৰেছে ডিমাপুৰতে নিজৰ যাত্ৰাৰ সামৰণি মাৰিছিল।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এই সিদ্ধান্তৰ বাবে নিয়মীয়া অহা যোৱা কৰা যাত্ৰী সকলৰ উপৰিও নাগালেণ্ডৰ শিক্ষাৰ্থী সকলকো ক্ষতিগ্ৰস্ত কৰিব বুলি মন্তব্য কৰে সংগঠনটোৰ সভাপতি ছেদেভিলে আংগামিয়ে | সভাপতি গৰাকীয়ে লগতে কয়,

বিমান যাত্ৰাৰ ব্যয় বহন কৰিব নোৱাৰা নাগালেণ্ডৰ ছাত্ৰ-ছাত্ৰী সকলে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এই সিদ্ধান্তৰ ফলত আটাইতকৈ বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব। সভাপতি আংগামিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এই সিদ্ধান্তক বাতিল কৰিবৰ বাবে দাবী জনাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply