ডিমৰীয়াত তিৱা পৰিষদীয় নিৰ্বাচনৰ বিৰোধিতা

সোণাপুৰ – ডিমৰীয়াৰ পৰা তিৱা পৰিষদীয় নিৰ্চনৰ ৬ সমষ্টিৰ নিৰ্বাচন বাতিল কৰাৰ দাৱীত আমৰি কাৰ্বি সকলৰ অৱস্থান ধৰ্মঘট। চকনিবাৰি বাইচমাইলত আমৰি কাৰ্বি লোক সকলৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘট সোমবাৰৰ পৰা আৰম্ভ।

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফলৰ পিছতে এতিয়া তিৱা পৰিষদীয় নিৰ্বাচনকলৈ ব্যস্ত ৰাজনৈতিক দল সমূহ। অহা ১৭ ডিচৰম্বৰত অনুস্থিত হ’ব লগীয়া তিৱা পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে যদিও এই নিৰ্বাচনৰ বিৰুদ্ধে একাংশ আমৰি কাৰ্বি দল-সংগঠনে চলাই গৈছে প্ৰতিবাদ।

তিৱা পৰিষদীয় অঞ্চল সমুহৰ লগতে এইবাৰ প্ৰথমবাৰৰ বাবে কামৰূপ মহানগৰ জিলাৰ ৬ সমষ্টিতো অনুস্থিত হ’ব তিৱা পৰিষদীয় নিৰ্বাচন। ইয়াকে লৈ উত্তাল হৈ পৰিছে ডিমৰীয়াৰ একাংশ আমৰি কাৰ্বি দল-সংগঠন। কামৰূপ মহানগৰ জিলাৰ ৬ সমষ্টিত চৰকাৰে তিৱা পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্তক চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বুলি অভিহিত কৰি একাংশ আমৰি কাৰ্বি দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে।

কামৰূপ মহানগৰ জিলাৰ ৬ সমষ্টিত তিৱা পৰিষদীয় নিৰ্বাচনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে ডিমৰীয়াৰ হাজাৰ হাজাৰ আমৰি কাৰ্বি পুৰুষ-মহিলাকে ধৰি যুৱক-যুৱতী। প্ৰতিবাদকাৰী সকলৰ দাবী ডিমৰীয়াত যিকোনো প্ৰকাৰে তিৱা পৰিষদীয় নিৰ্বাচন বাতিল কৰিব লাগে।

ডিমৰীয়া অঞ্চলত কেৱল মাত্র ৩০ শতাংশ তিৱা জনগোষ্ঠীয় লোক বসবাস কৰাৰ বিপৰীতে অঞ্চলটোত বসবাস কৰে ৭০ শতাংশ আমৰি কাৰ্বি জনগোষ্ঠীয় লোক। গতিকে ৩০ শতাংশ তিৱা লোক বসবাস কৰা অঞ্চলত কেনেকৈ তিৱা পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব পৰে বুলি চৰকাৰক প্ৰশ্ন কৰে প্ৰতিবাদকাৰী সকলে।

উল্লেখ্য যে ডিমৰীয়াৰ ৬ সমষ্টিত তিৱা পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বিগত কিছুদিন ধৰি ডিমৰীয়াত প্ৰতিবাদ অব্যাহত আছে। ইয়াৰ মাজতে এইবাৰ আমৰি কাৰ্বি জনগোষ্টীয় লোক সকলৰ বসতি প্ৰধান অঞ্চলত তিৱা পৰিষদীয় নিৰ্বাচন বাতিল কৰাৰ দাবীত সোমবাৰৰ পৰা তিনিদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে বিভিন্ন আমৰি কাৰ্বি দল-সংগঠন সমূহে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply