ডিমৰীয়াত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত ভোট বৰ্জন

সোণাপুৰ – ডিমৰীয়াত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত ভোট বৰ্জন। ডিমৰীয়াৰ আমৰি কাৰ্বি ৰাইজৰ তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত ভোট বৰ্জন। বিগত কিছুদিন ধৰি বিভিন্ন আমৰি কাৰ্বি দল-সংগঠনৰ লগতে আমৰি কাৰ্বি ৰাইজে ডিমৰীয়াৰ ছয় সমষ্টিত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বিৰোধিতা কৰি আহিছে।

বৃহস্পতিবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। মৰিগাঁও, নগাঁও, হোজাইৰ লগতে এইবাৰ প্ৰথমবাৰৰ বাবে কামৰূপ মহানগৰ জিলাৰ ছয় সমষ্টিত অনুষ্ঠিত কৰা হৈছে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন। মৰিগাঁও, নগাঁও আৰু হোজাইত ভোট গ্ৰহণ চলি থকাৰ মাজতে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ছয় সমষ্টিত আমৰি কাৰ্বি লোক সকলে ভোট বৰ্জন কৰিছে।

কামৰূপ মহানগৰ জিলাৰ ছয় সমষ্টিৰ তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন বাতিলৰ দাবীত আমৰি কাৰ্বি দল-সংগঠনে ধাৰাবাহিক আন্দোলন চলাই নিয়াৰ পিছতো বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া। নিৰ্বাচন বাতিল কৰা দাবী জনাই আন্দোলন চলাই থকা আমৰি কাৰ্বি লোক সকলে অৱশেষত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ডিমৰীয়াৰ বিভিন্ন অঞ্চলত ভোট গ্ৰহণৰ দিনটোতে ভোট কেন্দ্ৰলৈ যোৱা পৰিবৰ্তে আমৰি কাৰ্বি লোক সকলে ঠায়ে ঠায়ে প্ৰবল বাধাৰ সৃষ্টি কৰে।

উল্লেখ্য যে, এইবাৰ পোন প্ৰথমবাৰৰ বাবে কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়াৰ অন্তৰ্গত ছয় সমষ্টিত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। ডিমৰীয়াৰ আমৰি কাৰ্বি লোক সকলে ডিমৰীয়াত ৭০ শতাংশ কাৰ্বি লোক বসবাস কৰাৰ দাবী জনাই অঞ্চলটোত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি কেইবাদিন ধৰি প্ৰতিবাদ চলাই আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply