ডিমৰীয়াৰ পৰা তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বাতিলৰ দাবীত অব্যাহত আছে প্ৰতিবাদ

সোণাপুৰ – ডিমৰীয়াৰ পৰা তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বাতিলৰ দাবীত অব্যাহত আছে প্ৰতিবাদ। আমৰি কাৰ্বি দল-সংগঠন সমূহে চলাই গৈছে প্ৰতিবাদ। তিনি হাজাৰতকৈ অধিক লোকৰ অংশগ্ৰহণেৰে প্ৰতিবাদী সমদল।

বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। নিৰ্বাচনলৈ মাজত মাত্র কেইটামান ঘন্টা। ডিমৰীয়াৰ পৰা তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বাতিলৰ দাবীত বুধবাৰেও উত্তাল ডিমৰীয়া। ডিমৰীয়াৰ পৰা তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বাতিলৰ দাবীত আমৰি কাৰ্বি সকলে অব্যাহত ৰাখিছে উত্তাল প্ৰতিবাদ।

বুধবাৰে বাইচমাইলৰ পৰা ক্ষেত্রীলৈ বিভিন্ন আমৰি কাৰ্বি দল-সংগঠনে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই ডিমৰীয়াৰ পৰা তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বাতিল কৰাৰ দাবী জনায়। প্ৰতিবাদী সমদলত অংশগ্ৰহন কৰে তিনি হাজাৰতকৈ অধিক লোকে।

প্ৰতিবাদকাৰী সকলে ডিমৰীয়াৰ পৰা তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন সম্পূৰ্ণৰূপে বাতিল কৰক, বিধায়ক অতুল বাৰা হায় হায়, ডিমৰীয়াৰ তিৱা নিৰ্বাচনৰ দালাল সকল হায় হায় আদি শ্ল’গানেৰে উত্তাল কৰি তোলে ৰাজপথ। কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিমৰীয়াৰ ছয় সমষ্টিত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বাতিল কৰাৰ দাবীত বিগত কিছুদিন ধৰি আমৰি কাৰ্বি সকলে প্ৰতিবাদ চলাই আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply