নিউজ ডেস্ক – মাহৰ পিছত মাহ ধৰি ধৰ্ষণৰ বলি হৈ আহিছে এইগৰাকী যুৱতী। নিৰ্যাতিতাৰ অশ্লীল ছবি ভাইৰেল কৰি দিয়াৰ ধমকি দি বিগত ডেৰ বছৰ ধৰি ধৰ্ষণ কৰি অহা হৈছে এইগৰাকী যুৱতীক। তাতোকৈ ভয়ংকৰ কথাটো হৈছে ধৰ্ষণকাৰী এগৰাকী আৰক্ষী বিষয়া। এনে এক মাৰাত্মক অভিযোগতে গ্ৰেপ্তাৰ কৰা হ’ল বিহাৰৰ এগৰাকী উপ আৰক্ষী অধীক্ষকক। ইতিমধ্যে অভিযুক্ত সোমেশ মিশ্ৰক বৃহস্পতিবাৰে ঝাড়খণ্ডৰ চাহিবগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। বিগত ২০ মাৰ্চত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল নিৰ্যাতিতা যুৱতীগৰাকীয়ে।
ভাগলপুৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আশীষ ভাৰতীয়ে জনাইছে, অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ আৰু ৩২৮ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তেওঁৰ বিৰুদ্ধে অভিযোগ যে এই বিষয়াগৰাকীয়ে বিগত ডেৰবছৰতকৈ অধিক সময় ধৰি এগৰাকী যুৱতীক ধৰ্ষণ কৰি আহিছে। আনকি, যুৱতীগৰাকীৰ বিয়াৰ পিছতো তেওঁক ব্লেকমেইল কৰি তেওঁৰ ওপৰত অত্যাচাৰ চলাই গৈছে। দাখিল কৰা অভিযোগৰ পৰা জনা গৈছে, দিল্লীত সোমেশৰ সৈতে চিনাকি হৈছিল নিৰ্যাতিতাগৰাকীৰ। সেই সময়ত সোমেশে আৰক্ষীত যোগ দিয়া নাছিল। তেতিয়াই এগৰাকী বন্ধুৰ ঘৰত এইগৰাকী যুৱতীক খাদ্যৰ লগত টোপনিৰ ঔষধ খুৱাই অসৎ কাৰ্য চৰিতাৰ্থ কৰে আৰু সেই ঘটনাৰ এক ভিডিঅ’ কৰি ৰাখে। সেই ভিডিঅ’ দেখুৱাই পৰৱৰ্তী ডেৰ বছৰ ধৰি চলে ধাৰাবাহিক ধৰ্ষণ। শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজি ন’হলেই তেওঁৰ ছবি, ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ধমকি দি থাকে অভিযুক্ত সোমেশে।
ইপালে ষ্টেশ্যন হাউছৰ বিষয়া ৰীতা কুমাৰীয়ে কয়, ‘বিয়াৰ পিছৰ পৰা ডিএছপিৰ অত্যাচাৰৰ মাত্ৰা আৰু বৃদ্ধি পায়। আনকি বহু সময়ত মাৰ ধৰ কৰিবলৈও লয়। ইয়াৰ পিছতে যুৱতীগৰাকীয়ে এই অভিযোগ দাখিল কৰে আৰু আৰক্ষীয়েও তদন্তত নামি অভিযোগ সত্য বুলি জানিব পাৰে। ইয়াৰ লগে লগে গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তক। অৱশ্যে এই অভিযোগ উঠাৰ পিছতে অভিযুক্ত সোমেশক নিলম্বন কৰিছিল বিহাৰ আৰক্ষীয়ে।’