গুৱাহাটী– আজি হোটেল তাজ ভিভান্তাত উন্মোচন হ’ল ড০ হিমন্ত বিশ্ব শর্মাৰ চতুৰ্থখন গ্ৰন্থ ‘এটা সপোনৰ পম খেদি’।
মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা, অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামী আৰু অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এই গ্রন্থ উন্মোচনী অনুষ্ঠানত অংশ লোৱাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
‘এটা সপোনৰ পম খেদি’ গ্ৰন্থখনো সজোৱা হৈছে বিভিন্ন পটভূমি আৰু বিভিন্ন পৰিৱেশৰ আধাৰত অসমৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি কৰি বিভিন্ন দিশৰ ওপৰত তেওঁ প্রদান কৰি অহা বত্তৃতাই বহু অজান তথ্যৰ উন্মেষণ ঘটাইছে ৷ এইখন হ’ব ড০ শর্মাৰ চতুর্থখন গ্রন্থ৷