ঢকুৱাখনাত চিফন প্ৰজাতিৰ শগুনৰ মৃত্যু Credit: বিষাক্ত গৰুৰ মৃতদেহ ভক্ষণ কৰি মৃত্যু দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুণ

নিউজ ডেস্ক: আকৌ শগুনৰ মৃত্যু হোৱাৰ খবৰ উজনি অসমত । এইবাৰ ঢকুৱাখনাত খাদ্যৰ বিষক্ৰিয়া ঘটি ৪টা শগুনৰ মৃত্যু। মৃত শগুনকেইটা দুষ্প্ৰাপ্য হিমালয়ান চিফন প্ৰজাতিৰ। শগুন কেইটাই মৃত গৰু ভক্ষণ কৰাৰ বাবেই মৃত্যুৰ মুখত পৰাৰ কথা প্ৰকাশ কৰিছে বন বিভাগে ।

বিশেষ ভাবে উজনি অসমত শগুণৰ সংখ্যা চকুত লগাকৈ কমি অহাৰ সাধাৰণ কাৰণটো আছিল বিহক্ৰিয়া। গৰুৰ ঘাঁ হ’লে ব্যৱহাৰ কৰা ডাইক্লফেনা নামৰ এবিধ পেইনকিলাৰৰ বাবে প্ৰতিবছৰে বহু সংখ্যক শগুণৰ মৃত্যু হয়। আৰু এই ডাইক্ল’ফেনাক মুকলি বজাৰত বিক্ৰি নকৰিবলৈ বহু আগতেই নিষেধাজ্ঞা দিয়া হৈছে। তথাপিও এতিয়াও চোৰাং বজাৰত এই দৰৱ বিক্ৰি হয়।

wildlife trust Indiaৰ এক চাৰ্ভে ম’তে উজনি অসমৰ বহু অঞ্চলত গৰু /ছাগলী পগলা কুকুৰে কামোৰাৰ বাবে মৃত্যু হোৱাৰ পিছত গৰু গৰাকীয়ে মৃতদেহত বিহ ঢালি দিয়ে যাতে পগলা কুকুৰটো মৃতদেহৰ মাংস খাই মৃত্যু হওক। কিন্তু সেই মৰা গৰুৰ মাংস খাই বহু সংখ্যক শগুণ মৃত্যু হৈছে অঞ্চলটোত। কিছু দিনৰ আগতে ডিব্ৰু-চৈখোৱাৰ সমীপৰ ধূলিজানত বিষক্ৰিয়া হৈ প্ৰায় ৬০ টা শগুণৰ মৃত্যু হৈছিল। আকৌ ঢকুৱাখনাত মৃত্যু হ’ল একেধৰনৰ বিষাক্ত মৃতদেহ ভক্ষণ কৰি চাৰিটাকৈ শগুণ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply