গুৱাহাটী– ১৯সংখ্যক ঢাকা আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ বাবে নির্বাচিত হৈছে অসমীয়া চলচ্চিত্ৰ ‘বেলকনিত ভগৱান’। ১৬ জানুৱাৰীৰ ২৪জানুৱাৰীলৈ অনুষ্ঠিৰ হ’ব ঢাকা আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ । দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰয়ো অংশগ্ৰহণ কৰিব এই মহোৎসৱত।
মাইনা প্রডাকশ্যনৰ বেনাৰত নির্মিত এই চলচ্চিত্ৰখন পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই আৰু প্রযোজনা কৰিছে নুৰুল চুলতানে ৷ চলচ্চিত্ৰখনৰ চিত্রগ্রহণ কৰিছে মুম্বাইৰ চিটাংশু খামাৰিয়ে৷ কলা নির্দেশনা জয়ন্ত জিন ফুকনৰ, প্রযোজনা নিয়ন্ত্রণ অসীম শইকীয়াৰ আৰু প্রযোজনা সহকাৰী কুমুদ বৰাৰ৷
চিনেমাখনৰ মুখ্য় চৰিত্ৰত অভিনয় কৰিছে বলীউড অভিনেতা হাৰিশ খান্নাই৷ আন দুটা মুখ্য চৰিত্রত অভিনয় কৰিছে প্রণামী ভাৰথী আৰু পৰিনান্ধি জিমা চুলতানাই ৷
ইয়াৰ উপৰিও অভিনয় কৰিছে অৰুণ হাজৰিকা, ৰাজীৱ ক্র’, শোণিত বৰা, সাংবাদিক ইভা মহন্ত, পৱিত্র বৰুৱা, গৌৰী শংকৰ ভূঞা, যতীন খনিকৰ, বিনোদ লাল দাস, অজয় ভৰালী, আলোক বৰুৱা, জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জ্যেষ্ঠ অভিনেতা দীনেশ দাস, জ্যেষ্ঠ অধিবক্তা বিজন মহাজন আৰু জনপ্রিয় সাংবাদিক ৰাজদীপ বাইলুং বৰুৱায়ো৷
‘বেলকনিত ভগৱান’ চিনেমাখনে ২৬সংখ্যক ‘কলকাতা আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ৰ নেশ্যনেল কম্পিটিশ্যন অন ইণ্ডিয়ান লীগ শাখাৰ বাবে নির্বাচিত হৈছিল৷
উল্লেখযোগ্য যে এই চিনেমাখনত অসম চৰকাৰৰ কৃষি মন্ত্রী অতুল বৰায়ো এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ অহা বছৰ অসমৰ ৰাইজৰ বাবে এই চিনেমাখন মুক্তি দিয়া হ’ব বুলি জনাইছে পৰিচালকে।