নিউজ ডেস্ক- মাঘৰ পহিলা দিনটোতে ঐতিহাসিক ৰামমন্দিৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদান আগবঢ়ালে যোৰহাটৰ ঢেকীয়াখোৱা বৰ নামঘৰে। ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতিয়ে ৰাম মন্দিৰ নিৰ্মাণ অভিযানৰ জিলা বিষয়ববীয়া সকলৰ হাতত অৰিহণা অৰ্পণ কৰে।

অযোধ্যাৰ ৰামমন্দিৰৰ নিৰ্মাণৰ বাবে দেশজুৰি নিধি সমৰ্পণ অভিযানৰ শুকুৰবাৰৰ পৰা আৰম্ভ হয়। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আৰম্ভনি কৰে এই কাৰ্যসূচীৰ। ৰাষ্ট্ৰপতিগৰাকীয়ে ৫লাখ টকা আগবঢ়াই ৰামমন্দিৰ ট্ৰাষ্টলৈ। সমগ্ৰ দেশতেই পহিলা মাঘৰ পৰা আৰম্ভ হৈছে ৰাম মন্দিৰ নিৰ্মাণ অভিযানৰ বাবে সমৰ্পন কাৰ্যসূচী।

ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতি

এই সন্দৰ্ভত যোৰহাট জিলা সংঘ চালক দেৱানন্দ দেৱগোস্বামীয়ে অৱগত কৰা অনুসৰি, এই অভিযানৰ জৰিয়তে দেশৰ প্ৰতিটো পৰিয়ালৰ পৰা নূন্যতম ১০ টকাকৈ সগ্ৰহ কৰিব আৰু দেশৰ প্ৰতিজন হিন্দুৰ অৰিহণাৰে নিৰ্মাণ হ’ব বহু চৰ্চিত ৰাম মন্দিৰ। যোৰহাট জিলাত এই কাৰ্যসূচীৰ শুভাৰম্ভ ঘটিল ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰাই।

উল্লেখ্য যে, যোৰহাট জিলা সংঘ চালক দেৱানন্দ দেৱগোস্বামী আৰু ৰাম মন্দিৰ নিৰ্মাণ অভিযানৰ জিলা প্ৰমুখ দেৱজিত খাউণ্ড , ৰাতুল বৰঠাকুৰৰ লগতে বহু কেইগৰাকী সংঘৰ বিষয়ববীয়াই এই কাৰ্যসূচীত অংশ লয়।

ৰামমন্দিৰ নিৰ্মাণৰ বাবে সমগ্ৰ দেশৰ প্ৰতিখন জিলাতে এই অভিযানৰ বাবে একোখন সমিতি গঠন কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply