গোৰেশ্বৰ : বাক্সা জিলাৰ তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ ১৫ সংখ্যক গোৰেশ্বৰ গুৰমোত অনুষ্ঠিত বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ সভাপতি টৰেণ বড়ো।
অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৱে উদ্ভোধন কৰা মুকলি সভাখন পৰিচালনা কৰে তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি খনিন্দ্ৰ নাৰ্জীয়ে । মুকলি সভাত বড়ো সাহিত্য সভাৰ প্ৰাক্তন বিত্ত সম্পাদক খগেন ৰামচিয়াৰী, মহীধৰ বড়ো, বিনয় কুমাৰ বড়ো, ৰমা কান্ত বসুমতাৰী, বিনন্দ স্বৰ্গীয়াৰী উপস্থিত থাকে ।

মুকলি সভাত ভাষণ দি বড়ো সাহিত্য সভাৰ সভাপতি টৰেণ বড়োৱে কয় বড়ো মাধ্যমত পঢ়িলে কি হ’ব বুলি বহুতে প্ৰশ্ন কৰে । কিন্তু সদ্য ঘোষিত এ পি চি পৰীক্ষাত কোকৰাঝাৰ জিলাৰ অতি ভিতৰুৱা অঞ্চলৰ চৰণ নাৰ্জাৰী, ইউ পি এছ চি মনোজ বড়ো ইয়াৰ প্ৰমাণ । চৰণ নাৰ্জাৰী বড়ো মাধ্যমত পঢ়ি মেট্ৰিকত তৃতীয় বিভাগত উৰ্তীৰ্ণ হোৱাৰ লগতে হায়াৰ চেকেণ্ডাৰীত ফেল কৰিছিল ।
কিন্তু চৰণ নাৰ্জাৰীৰ পঢ়াৰ প্ৰতি থকা আগ্ৰহ আৰু মনোবলৰ বাবে এজন এ পি এছ পৰীক্ষাত উৰ্তীৰ্ণ হৈ এজন দক্ষ বিষয়া হ’ব পাৰিছে । ঠিক তেনেদৰে মনোজ বড়োও আজি এজন ইউ পি এছ চি বিষয়া হৈছে । তেওঁলোকক কি বড়ো ভাষাই বাধা দিব পাৰিছে নেকি বুলি প্ৰশ্ন কৰি সভাপতি বড়োৱে কয় আজি প্ৰতিযোগিতাৰ যুগ, প্ৰতিযোগিতাৰ যোগত বিএছি, এম এ ছি পঢ়ালে যে চাকৰি হব সেইটো ভাবিলে ভূল হৱ । ডাক্তৰ, ইঞ্জিনিয়াৰ ছিট পাবলৈ হলে পৰীক্ষাৰ আগত কোছিং দিব লাগিৱ ।

ইতিমধ্যে বি টি আৰ চুক্তিৰ আধাৰত বড়ো ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছে । বড়ো ভাষা উত্তোৰণৰ বাবে পৃথক সঞ্চালকালয় পাইছে । অফিচ, কাছাৰীত বড়ো ভাষা ব্যৱহাৰকৰিৱ পাৰিব । তাৰ পিছতো আমি বড়ো ভাষা পঢ়ি কি হৱ বুলি কোৱাৰ কোনো অৰ্থ নাথাকে ।
বড়ো ভাষা ইতিমধ্যে গুৱাহাটী, ডিব্ৰুগড়, কটন কলেজ, শিলচৰ, চিলং বিশ্ববিদ্যালয়ৰ উপৰিও বেংগল আৰু দিল্লী বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত কৰাৰ বাবে চেষ্টা কৰা হৈছে বুলি সভাপতি বড়োৱে উল্লেখ কৰে ।