গুৱাহাটী- সোমবাৰে অনুষ্ঠিত হৈ যায় বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। বাক্সা আৰু ওদালগুৰি জিলাত ২১ টা সমষ্টিত হয় এই ভোটগ্ৰহণ।
তামুলপুৰ মহকুমা পৰিষদীয় ৫টা সমষ্টিৰ ভোটগ্ৰহণৰ সৰ্বাধিক হাৰ ৭৭.৯৫% ।
২৬নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ ভোটগ্ৰহণৰ হাৰ ৭৩.২৪% , ২৭ নং নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ ৭৬.৯৭% , ২৮নং গৈবাৰী পৰিষদীয় সমষ্টিৰ ৭৫.৬৫% ,২৯ নং শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ ৮৩.৮৩%, ৩০ নংআনহাতে গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ ৮০.১০% ।
আনহাতে ১০ ডিচেম্বৰত কোকোৰাঝাৰ আৰু চিৰাং জিলাত অনুষ্ঠিত হ’ব বিটিচি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । ১৯ টা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহন । ইপিনে বিটিচি নিৰ্বাচনৰ ফলাফল ১২ ডিচেম্বৰত ঘোষনা কৰা হ’ব ।