নিউজ ডেক্স: আন্তৰাষ্ট্ৰীয় মঞ্চত তীব্ৰ সমালোচনাৰ পিছত তালিবানে অবশেষত নিসিদ্ধ কৰিলে বহুবিবাহ প্ৰথা | আন্তৰাষ্ট্ৰীয় স্তৰত সন্ত্ৰাসবাদ চলাই অহা সংগঠনটোৰ আফগানিস্তানত থকা সদস্যসকলৰ মাজত চলি থকা বহুবিবাহ প্রথা বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছে ৷
সংগঠনটোৰ শীর্ষ নেতৃত্বই জাৰি কৰা কঠোৰ নির্দেশনাত উল্লেখ কৰিছে যে বহুবিবাহ প্রথাৰ বাবে শত্রু পক্ষৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে তালিবান ৷ সংগঠনটোৰ বিভিন্ন পর্যায়ৰ নেতা তথা কমাণ্ডাৰসকলক এগৰাকীতকৈ অধিক পত্নী নাৰাখিবলৈ নির্দেশ দিছে শীর্ষ নেতৃত্বই৷ ইছলাম ধর্ম অনুসৰি একোজন পুৰুষে চাৰিগৰাকী পর্যন্ত মহিলাৰ স’তে বিবাহপাশত আবদ্ধ হ’ব পাৰে৷ অর্থাৎ ৪গৰাকী পত্নী লগত ৰাখিব পাৰে ইছলাম ধর্ম অনুসৰি একোজন পুৰুষে৷ বহুবিবাহ প্রথা এতিয়াও আফগানিস্তান, পাকিস্তান আৰু মুছলমানৰ আধিপত্য থকা কেইবাখনো দেশত বৈধতা আছে ৷
তালিবানৰ এক সূত্রই সংবাদ সংস্থা বিবিচিক জনোৱা অনুসৰি এই বহুবিবাহ প্রথাৰ বাবে সংগঠনটোৰ অভ্যন্তৰত কমাণ্ডাৰসকলে ‘কইনাৰ মূল্য’ হিচাপে অধিক ধন দাবী কৰি আহিছে৷ এই ধন আফগানিস্তান আৰু পাকিস্তানৰ বহু পাখতুন জনজাতিৰ ছোৱালীক পত্নী হিচাপে গ্রহণ কৰিবলৈ পৰিয়ালক আদায় দি আহিছে তালিবান কমাণ্ডাৰসকলে৷
তালিবান আৰু দেশখনৰ অভ্যন্তৰত চলি থকা এক স্পর্শকাতৰ ৰাজনৈতিক পৰিৱেশৰ মাজত সংগঠনটোৰ শীর্ষ নেতৃত্বই এই কঠোৰ নির্দেশনা জাৰি কৰাৰ পিছতেই ইয়াক লৈ সৃষ্টি হৈছে উত্তেজনা৷ বহু তালিবান নেতাই এই নির্দেশনাক মানি ল’বলৈ বিচৰা নাই৷ তালিবানে আফগানিস্তানৰ শান্তি আলোচনাৰ মাজেৰে দেশখনৰ চৰকাৰৰ অংশীদাৰ হ’বলৈ চেষ্টা চলাই আছে৷
সেইবাবেই সংগঠনটোৱে আন্তৰাষ্ট্ৰীয় মঞ্চত সমালোচনাৰ সন্মুখীন হোৱা বিভিন্ন নীতি পৰিহাৰ কৰাৰ বাবে সাজু হৈছে৷ ইয়াৰে অংশ হিচাপে বহুবিবাহ প্রথা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে তালিবানী শীর্ষ নেতৃত্বই৷ ইয়াৰ বিপৰীতে আফগান তালিবানৰ শীর্ষ নেতা মুল্লা হিবাতুল্লাৰ মতে , বহুবিবাহৰ বিৰোধ কৰাৰ মূল কাৰণ হৈছে ইয়াৰ ফলত হোৱা ধনৰ অপচয় ৰোধ কৰা ৷