তিতাবৰ: তিতাবৰ মহকুমাৰ অন্তগৰ্ত বৰহোলাৰ এজন অধিবক্তাই শুকুবাৰে সন্ধিয়া বিউটি পাৰ্লাৰ এগৰাকী বিউটিচিয়ানক অশ্লীল ইংগিত দি বলাৎকাৰৰ চেষ্টা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ।
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে তিতাবৰত ওকালতি কৰা বৰহোলা নগাবাট অন্নপূৰ্ণা গাঁৱৰ নিবাসী ৰাম সাগৰ ঠাকুৰৰ পুত্ৰ প্ৰমোদ ঠাকুৰে শুকুৰবাৰে বিয়লি ভাগত নগাবাটত থকা এখন বিউটি পাৰ্লাৰত প্ৰবেশ কৰি বিউটিচিয়ান দীপজ্যোতি বৰুৱাৰ নথকা অৱস্থাত তাত থকা যুৱতী কৰ্মচাৰীক অশ্লীল ইংগিত দিয়ে । সেই সময়তে পাৰ্লাৰ গৰাকী আহি উপস্থিত হোৱাত অধিবক্তা গৰাকীয়ে গাৰ কাপোৰ খুলি বলাৎকাৰৰ কৰিবলৈ চেষ্টা কৰে যদিও বিউটিচিয়ান দীপজ্যোতি বৰুৱাই পলাই বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় ।
লগে লগে অধিবক্তা প্ৰমোদ ঠাকুৰৰ বিৰুদ্ধে পানীখেতি আৰক্ষী চকীত এজাহাৰ দিয়ে | নিশাই বৰহোলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধিবক্তা প্ৰমোদ ঠাকুৰক। শণিবাৰে বৰহোলা আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰি 294/354A/448/376/511 ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে অধিবক্তা গৰাকীক ।