নগাঁও : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে নগাঁও আৱর্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত নগাঁও, মৰিগাঁও আৰু হােজাই জিলাৰ সাম্প্রতিক কভিড পৰিস্থিতিৰ পর্যালােচনা কৰাৰ লগতে এই ক্ষেত্ৰত গ্ৰহণ কৰি থকা ব্যৱস্থাৱলীৰাে বুজ লয়। বৈঠকত জিলা তিনিখনৰ উপায়ুক্ত কেইগৰাকীয়ে কভিড সংক্রমণ প্রতিৰােধ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী যেনে পৰীক্ষণ, টিকাকৰণ, জনসচেতনতা বৃদ্ধিৰ পদক্ষেপ, অক্সিজেন মজুত কৰা ইত্যাদিৰ সবিশেষ মুখ্যমন্ত্ৰীক অৱগত কৰে। জিলা উপায়ুক্ত কেইগৰাকীয়ে জিলাকেইখনত থকা চিকিৎসালয়ৰ আন্তঃগাঁথনি ইত্যাদি বিষয়েও মুখ্যমন্ত্ৰীক অৱগত কৰে।
বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা কেইখনত জটিল কভিড ৰােগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত কোনাে কাৰণতে যাতে অক্সিজেনৰ নাটনি নহয় সেই দিশত ক্ষিপ্র পদক্ষেপ ল’বলৈ উপায়ুক্ত কেইগৰাকীক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে জিলা তিনিখনত কভিড পৰীক্ষণৰ হাৰ বৃদ্ধি আৰু টিকাকৰণৰ প্রক্রিয়া ক্ষিপ্র গতিত চলাই যাবলৈ নির্দেশ দিয়ে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিগত ১০ দিনৰ পৰিসংখ্যা পর্যালােচনা কৰি এই দিশত আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও নির্দেশ দিয়ে।
জিলা তিনিখনৰ যিসমূহ এলেকাত সংক্ৰমণৰ হাৰ অধিক হৈছে সেই এলেকাসমূহত বিশেষ নিৰীক্ষণৰ ব্যৱস্থা কৰি যাৱতীয় পদক্ষেপ ল’বলৈও তেওঁ নির্দেশ দিয়ে। কভিড ৰােগীসকলৰ গৃহ নিলগীয়াকৰণৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। কভিড সংক্রমণ ৰােধ কৰাৰ দিশত স্বাস্থ্য বিভাগে ইতিমধ্যে জাৰি কৰা নির্দেশাৱলীসমূহ যাতে আখৰে আখৰে পালন কৰা হয় সেই দিশত উপযুক্ত পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। এই ক্ষেত্ৰত তৃণমূল পর্যায়ত যাতে অধিক সজাগতা সৃষ্টি কৰিব পৰা যায় তাৰ বাবে গাঁওসমূহৰ গাঁওবুঢ়া, খণ্ড উন্নয়ন বিষয়া, পঞ্চায়তৰ জনপ্রতিনিধিসমূহক জড়িত কৰােৱাৰ বাবেও জিলা উপায়ুক্ত কেইগৰাকীক পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ৰে’ল যাত্রীসকলৰ বাবে ৰে’ল ষ্টেচনত যাতে কভিড পৰীক্ষা নিশ্চিত কৰিব পৰা যায় সেই দিশত উপযুক্ত পদক্ষেপ লােৱাৰ বাবেও হােজাই জিলাৰ উপায়ুক্তক তেওঁ নির্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। তদুপৰি বাহিৰৰ পৰা অহা ট্রাকসমূহৰ ড্রাইভাৰ, হেণ্ডিমেন ইত্যাদিৰ যাতে স্বাস্থ্য পৰীক্ষা কৰােৱা হয় সেই দিশত যাৱতীয় পদক্ষেপ লােৱাৰ বাবেও তেওঁ নির্দেশ দিয়ে। পর্যালােচনা বৈঠকতে মুখ্যমন্ত্ৰীয়ে জিলা তিনিখনৰ খাদ্য আৰু অসামৰিক যােগান বিভাগে লােৱা পদক্ষেপসমূহৰাে বুজ লয়। এই জটিল পৰিস্থিতিৰ সময়ত কোনাে অসাধু ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিব নােৱাৰে সেই দিশত উপযুক্ত নিৰীক্ষণৰ পদক্ষেপ লােৱাৰ বাবেও তেওঁ নিদের্শ দিয়ে।