তিনিচুকীয়া – তিনিচুকীয়া চিৰাপত্তীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। চিৰাপত্তীস্থিত হোটেল সাফাইৰত সংঘটিৰ হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। হোটেলখনত নিশা আয়োজন হৈছিল বিয়াৰ পাৰ্টী।

তিনিচুকীয়া জিলাৰ চিৰাপত্তীত হোটেল সাফাইৰত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। জানিব পৰা মতে হোটেলখনত আয়োজন হোৱা এক বিয়াৰ পাৰ্টীৰ বাবে ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ পৰা কাৰিকৰৰ দুটা দল অনা হৈছিল।

বিয়াৰ পাৰ্টী অনুষ্ঠিত হৈ থকাৰ মাজতে কাৰিকৰৰ দুই দলৰ মাজত সংঘটিত হৈছিল তুমুল কাজিয়াৰ। কাজিয়াৰ পাছতেই হাতত চোকা অস্ত্ৰ লৈ প্ৰহাৰ কৰাত তিনিজন লোক গুৰুতৰ ভাৱে আহত হয়। ইয়াৰে এজন লোকৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে।

মৃত্যু মুখত পৰা লোকজনৰ নাম চুনীল মণ্ডল বুলি জানিব পৰা গৈছে। ইফালে হোটেলখনৰ স্বত্বাধিকাৰী গৰাকীৰ বিৰুদ্ধে হোটেলখনত বিয়াৰ পাৰ্টীৰ নামত অবৈধ বাৰ চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply