ডকাইতি কাণ্ড সংঘটিত হোৱা পেট্ৰ’ল পাম্পটো

তিনিচুকীয়া – তিনিচুকীয়াৰ লাইপুলিৰ ‘মদন মোহন জয় প্ৰকাশ’ পেট্ৰ’ল পাম্পত নিশা চাঞ্চ্যলকৰ ডকাইতি কাণ্ড। নিশা প্ৰায় ১০.৩০ বজাত তিনিজনীয়া এটা ডকাইতৰ দলে হাতত মাৰণাস্ত্ৰ লৈ পেট্ৰ’ল পাম্পটোত প্ৰৱেশ কৰিছিল।

অস্ত্ৰধাৰী দলটোৱে পেট্ৰ’ল পাম্পটোলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল যদিও পেট্ৰ’ল পাম্পটো সৌভাগ্য ক্ৰমে ৰক্ষা পৰে। ডকাইতৰ দলটোৱে পাম্পটোত থকা নগদ প্ৰায় তিনি লাখ টকা লৈ উধাও হোৱাৰ লগতে পাম্পটোৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply