তিনিচুকীয়া : অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসা গ্ৰহণ কৰি থকা তিনিচুকীয়া জিলা কাৰাগাৰৰ দুগৰাকী কয়দীৰ মৃত্যুৰ ঘটনাৰ এক তদন্তৰ নিৰ্দেশ দিছে জিলা উপায়ুক্ত নৰসিং পাৱাৰে।
হত্যাৰ অভিযোগত অভিযুক্ত, কাৰাগাৰখনৰ যাৱজ্জীৱন কয়দী ক্ৰমে হিন্দু বদ্ৰ আৰু সুনীল মানকি মুড়াৰ যোৱা ৭ আৰু ৯ জুনত মৃত্যু হৈছিল। জিলা উপায়ুক্ত গৰাকীয়ে অহা কয়দী দুগৰাকীৰ মৃত্যুৰ কাৰণ সম্পৰ্কে দুটা পৃথক দণ্ডাধিক পৰ্য্যয়ৰ তদন্ত কৰি অহা ৭ দিনৰ ভিতৰত প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিছে।
ঘটনাটোৰ তদন্ত হাতত লোৱা কাৰ্য্যবাহী দণ্ডাধিক বৰগোহাঁইৰ মতে বদ্ৰৰ প্ৰেছাৰ ষ্ট্ৰ’কৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। ‘মই দুয়োজন কয়দীৰ মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন খৰতকীয়াকৈ কৰিবলৈ কৈছো। মই জেইলৰ সকলো কয়দী আৰু অধীক্ষকৰ ভাষ্য গ্ৰহণ কৰাৰ লগতে সকলো বিলাক তথ্য পাতি পৰীক্ষা কৰি এখন বিতং প্ৰতিবেদন প্ৰস্তুত কৰিম,’ তেওঁ কয়।
লগতে পঢ়ক : আৰ এছ এছৰ প্ৰধান মোহন ভগৱতক সাক্ষাৎ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
যোৱা ১১ জুনত তিনিচুকীয়া কাৰাগাৰত থকা ৪৪১ গৰাকী কয়দীৰ এজনৰ জ্বৰ হয় আৰু পিছত অসামৰিক চিকিৎসালয়ত তেওঁৰ ক’ভিড পজিটিভ ধৰা পৰে। জিলাখনত শুকুৰবাৰে ২০৫ গৰাকী লোকৰ ক’ভিড পজিটিভ ধৰা পৰিছিল।
তিনিচুকীয়া জিলা কাৰাগাৰৰ অধীক্ষকক মেঘনাথ গগৈয়ে ইষ্টম’জ’ক কয়, ‘৭ জুনত বদ্ৰৰ প্ৰেছাৰ ষ্ট্ৰ’ক আহিছিল, পিছত তেওঁক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাবটি লয়। একেটা দিনতে মুড়াৰ জ্বৰ আৰু বমি হৈছিল। তেওঁক প্ৰথমে অসামৰিক চিকিৎসালয়লৈ আৰু পিছত অসম চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয়। তেওঁৰ ৯ জুনত মৃত্যু হয়।’
শেহতীয়াভাৱে পোৱা তথ্য অনুসৰি স্বাস্থ্য বিভাগে জিলা কাৰাগাৰৰ সকলো কয়দীৰ ক’ভিড পৰীক্ষা কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এক সূত্ৰৰ মতে, কয়দী দুগৰাকীৰ মৃত্যুৰ বিষয়টোত এক ন্যায়িক তদন্তৰো নিৰ্দেশ দিয়া হৈছে। অৱশ্যে এই সম্পৰ্কত বাতৰি যুগুত কৰা সময়লৈকে বিভাগীয় সিদ্ধান্ত প্ৰকাশ পোৱা নাই।
ইংৰাজীত পঢ়ক : Assam: Probe ordered into death of 2 jail inmates in Tinsukia