কামপুৰ- উত্তৰাখন্ড ট্ৰেজেডীৰ আজি তিনিদিন উকলি গ’ল যদিও অসমৰ তিনি যুবকৰ এতিয়াও শুংসুত্ৰ নাই | দুখীয়া পৰিয়ালটোৱে নিজাববীয়াকৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো তথ্য লাভ কৰাত ব্যৰ্থ হৈছে |
তিনিদিন ধৰি কান্দোনৰ ৰোল কামপুৰৰ এটা পৰিয়ালত। আজিও সন্ধান নাই দুই ভাতৃ অমৰজ্যোতি দাস আৰু কমল দাসৰ লগতে তেওলোকৰে আত্মীয় সুশান্ত ডালুৰ। উত্তৰা খণ্ডৰ জলপ্ৰলয়ৰ ঘটনাত নিখোজ হৈছিল অসমৰ এই তিনিজন যুৱক।তিনিজন যুৱকৰ ভিতৰত কামপুৰৰ একেটা পৰিয়ালৰ দুই ভাতৃ অমৰজ্যোতি দাস আৰু কমল দাসো নিখোজ হৈ আছিল।
নিখোজ হোৱাৰ তিনিদিনৰ পাছতো কোনো সম্ভেদ নোপোৱাত অকলশৰীয়া বিধৱা মাতৃ গৰাকী কান্দোনত ভাঙি পৰিছে।কামপুৰৰ উত্তৰ চাংচকী গাঁৱত এতিয়া কান্দোনৰ ৰোল।গাঁও বাসীৰ আহ্বান উত্তৰাখণ্ড চৰকাৰৰ সৈতে যোগাযোগ কৰি অসম চৰকাৰে যুৱক কেইজনক উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰক।
আশ্চৰ্যজনক ভাবে এতিয়ালৈকে ৰাজ্য চৰকাৰ খনে কোনো ধৰণৰ যোগাযোগ কৰা নাই পৰিয়ালটোৰ সৈতে | স্থানীয় বিধায়ক গৰাকীৰো কোনো খবৰ নাই | নিখোজ হোৱা যুবক কেইজনৰ সংগী বাইহাটা চাৰিআলিৰ বিপুল দাসে দিয়া খবৰ বোৰেই হৈছে পৰিয়ালটোৰ একমাত্ৰ যোগাযোগ | ইফালে অমৰ আৰু কমলৰ আত্মীয়ই নামঘৰত ধূপ-ধূনা নৈবদ্য আগবঢ়াই যুৱক কেইজনৰ সন্ধানৰ বাবে প্ৰাৰ্থনা জনাইছে।