মৰিগাঁও – তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাৰ বাবে ভােটাৰ ৰাইজক মুখ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন। ৰাজ্যখনৰ সকলাে শ্ৰেণীৰ জনসাধাৰণৰ লগতে তিৱা জনগােষ্ঠীৰ উত্তৰণৰ দিশত ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে কাম কৰি যাব বুলি ঘোষণা মুখ্যমন্ত্রীৰ।

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ‘আমাৰ অসম, আমাৰ মাটি আৰু আমাৰ অধিকাৰৰ সুৰক্ষাৰ বাবে বিগত চাৰে চাৰি বছৰে নিষ্ঠাৰে কাম কৰি আহিছে আৰু কোনাে পৰিস্থিতিতে এই চৰকাৰখনে ৰাজ্যখনৰ খিলঞ্জীয়া মানুহৰ স্বার্থ সুৰক্ষাৰ দিশত আপােচ নকৰে। বুধবাৰে মৰিগাঁৱত তিৱা স্বায়ত্তশাসিত পৰিষদৰ সদ্য সমাপ্ত নির্বাচত ভাৰতীয় জনতা পার্টিৰ প্রার্থীসকলক নির্বাচিত কৰাৰ কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্য আয়ােজিত কৃতজ্ঞতা সমাৰােহত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সােণােৱালে এইদৰে কয়। এই নির্বাচনত ভাৰতীয় জনতা পার্টিলৈ আগবঢ়োৱা অকুণ্ঠ সমর্থনৰ বাবে অঞ্চলটোৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে এই কৃতজ্ঞতাৰ চিন স্বৰূপে চৰকাৰখনে আগন্তুক দিনত এই অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে যিখিনি কর্তব্য আৰু দায়িত্ব আছে সেয়া নিষ্ঠাৰে পালন কৰি যাব।

মুখ্যমন্ত্ৰীয়ে কয় যে যদিও চৰকাৰখনে ৰাজ্যখনৰ উন্নয়নৰ বাবে বিভিন্ন কল্যাণকামী পদক্ষেপ গ্রহণ কৰিছে, এখন সমাজৰ উন্নয়নৰ বাবে শিক্ষাৰ ওপৰত সর্বাধিক গুৰুত্ব আৰােপ কৰিবই লাগিব। তেওঁ সেয়েহে অঞ্চলটোৰ শৈক্ষিক আন্তঃগাঁথনি উন্নয়নৰ দিশত বিশেষভাৱে কাম কৰিবলৈ পৰিষদৰ নতুন কর্মকর্তাসকলৰ প্রতি আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৬ চনত বৰ্তমানৰ চৰকাৰখনে শাসনভাৰ লােৱাৰে পৰা ৰাজ্যখনৰ সৰু-বৰ সকলাে জাতি-জনগােষ্ঠীয়ে নিজৰ ভাষা, কৃষ্টি-সংস্কৃতি ৰক্ষা কৰিবলৈ সক্ষম হৈছে। বর্তমানৰ চৰকাৰখনে বৃহত্তৰ অসমীয়া জাতিৰ স্বার্থ সুৰক্ষিতকৰণৰ বাবে নিষ্ঠাসহকাৰে পদক্ষেপ লৈ আহিছে আৰু সেইবাবে অসমৰ প্ৰতিটো জাতি-জনগােষ্ঠীয়ে আজি ভাৰতীয় জনতা পার্টিক অন্তৰাৰে আঁকোৱালি লৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সকলো জাতি-জনগােষ্ঠীৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ জৰিয়তে এতিয়া ৰাজ্যখনৰ ৭০ লাখৰাে অধিক হিতাধিকাৰীয়ে সামাজিক নিৰাপত্তা লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰে ৰাজ্যখনক এখন সন্ত্রাবাদমুক্ত, প্ৰদূষণমুক্ত, দুর্নীতিমুক্ত আৰু বিদেশীমুক্ত ৰাজ্য হিচাপে গঢ়ি তােলাৰ দিশত সফল হ’ব পাৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এখন বিদেশীমুক্ত অসম গঢ়ি তােলাৰ বাবে ভাৰত-বাংলা সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ দিশত চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আজি অসমৰ বুকুত বিদেশীৰ দপদপনি নাইকিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অসমৰ জনসাধাৰণে এই চৰকাৰখনক নিজৰ বুলি গণ্য কৰাৰ ফলশ্ৰুতিত আজি এটাৰ পিছত আনটো নিৰ্বাচনত বিজেপি দলে ক্রমাগতভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়।

বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৃষক, নিবনুৱা, মহিলা, দিব্যাংগ, বৃদ্ধ-বৃদ্ধা ইত্যাদি সকলাে শ্ৰেণীৰ জনসাধাৰণক বিভিন্ন আঁচনিৰে উপকৃত কৰাৰ বাবে বর্তমান এনে কোনাে শ্রেণী নাই যি শ্ৰেণীয়ে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হােৱা নাই। পূর্বৰ চৰকাৰসমুহে জনসাধাৰণৰ কল্যাণৰ নামত চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ বিপৰীতে বর্তমানৰ চৰকাৰখনে সকলােকে সম-মর্যাদা প্রদানেৰে সকলােৰে আর্থ-সামাজিক উত্তৰণৰ এক নজিৰবিহীন ধাৰা সৃষ্টি কৰাৰ দিশত সফল হৈছে বুলি তেওঁ দোহাৰে। বিজেপি নেতৃত্বধীন চৰকাৰখনে শাসনভাৰ লােৱাৰ পিছৰে পৰা ৰাজ্যখনৰ সকলাে জাতি-জনগােষ্ঠীৰ মাজত ভাতৃত্ববােধ আৰু একতাৰ বান্ধোন সুদৃঢ় হৈছে আৰু ইয়াৰ ফলশ্রুতিতে ৰাজ্যখনৰ কোনাে ঠাইতে জাতি, সম্প্রদায়ৰ নামত কোনােধৰণৰ সংঘৰ্ষৰ সৃষ্টি হােৱা নাই বুলিও তেওঁ কয়।

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আদৰণী ভাষণ প্রদান কৰা এই কৃতজ্ঞতা সমাৰােহত স্বাস্থ্য, বিত্ত ইত্যাদি বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাইও ভাষণ প্রদান কৰে। অনুষ্ঠানত নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী পীযুষ হাজৰিকা, বিধায়ক অতুল বৰা, ৰূপক শৰ্মা, আঙুৰলতা ডেকা, ডিম্বেশ্বৰ দাস, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোঁহাই, তিৱা স্বায়ত্তশাসিত পৰিষদৰ নৱনিযুক্ত মুখ্যকাৰ্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰ, উপ-মুখ্যকাৰ্যবাহী সদস্য তুলসী বৰদলৈ, কার্যবাহীসদস্যসকল, বিজেপিৰ বিষয়ববীয়া আৰু কর্মকর্তাসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply