মৰিগাঁও- তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী হ’ব জীৱন চন্দ্ৰ কোঁৱৰ । তুলসী বৰদলৈ হ’ব তিৱা স্বায়ত্ত্ব পৰিষদৰ উপ মুখ্য কাৰ্যবাহী । আনহাতে তিৱা স্বায়ত্ত্ব পৰিষদৰ অধ্যক্ষ হ’ব মদন বৰদলৈ । অংকুৰ দেউৰী হ’ব তিৱা স্বায়ত্ত্ব পৰিষদৰ উপাধ্যক্ষ ।
নবনিৰ্বাচিত তিৱা স্বায়ত্ব পৰিষদৰ নবনিৰ্বাচিত সদস্য সকলক আজি অনুষ্ঠিত বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহন কৰা হয় | মৰিগাঁও জিলা আবৰ্ত ভৱনত আয়োজিত নতুন সদস্যসকলৰ প্ৰথম খন সভাতেই এই সিদ্ধান্ত লোৱা হয় |পিছত মৰিগাঁও জিলা উপাযুক্তই শপত বাক্য পাঠ কৰাৰ মৰিগাঁও পবিতৰা হাটত।