গুৱাহাটী – বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনকলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন। কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত তিৱা স্বায়ত্বশাসিত পৰিষদৰ ৬ টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া ১০০ টা ভোট গ্ৰহণ কেন্দ্ৰত নিয়োজিত প্ৰিজাইডিং বিষয়া আৰু প’লিং বিষয়াসকলে বুধবাৰে বেলট বাকচকে ধৰি অন্যান্য নিৰ্বাচনী সামগ্ৰী লৈ নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হয়৷

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অস্থায়ীভাৱে স্থাপন কৰা কেন্দ্ৰৰ পৰা তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক নিৰ্বাচনী সামগ্ৰী প্ৰদান কৰে৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰিজাইডিং প’লিং বিষয়াসকলৰ মাজত নিৰ্বাচনী সামগ্ৰী বিতৰণ কৰা হয়। নিৰ্বাচনী সামগ্ৰী বিতৰণ ব্যৱস্থাটো পৰ্যৱেক্ষণ কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত গৰাকীয়ে।

গুৱাহাটীৰ কালিৰাম বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা প্ৰশাসনে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ষ্ট্ৰং ৰূম স্থাপন কৰিছে৷ অহা ১৯ ডিচেম্বৰত কালিৰাম বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে, আমৰি কাৰ্বি দল-সংগঠনে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিমৰীয়াৰ ৬ সমষ্টিত তিৱা স্বায়ত্বশাসিত পৰিষদ নিৰ্বাচনৰ বিৰোধিতা কৰি আহিছে। বিগত কিছুদিন ধৰি আমৰি কাৰ্বি দল-সংগঠন সমূহে ডিমৰীয়াৰ পৰা তিৱা স্বায়ত্বশাসিত পৰিষদ নিৰ্বাচন বাতিলৰ দাবীত প্ৰতিবাদ চলাই আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply