নগাঁও – তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনকলৈ সম্পূৰ্ণ সাজু নগাঁও জিলা প্ৰশাসন। নগাঁৱৰ ১০১ টা ভোটকেন্দ্ৰলৈ ৰাওনা ১৮৭ গৰাকী প্ৰিজাইডিং আৰু ৩৯৮ গৰাকী পলিং বিষয়া। বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন।
বিটিচি নিৰ্বাচনৰ ফলাফলৰ অন্তত এতিয়া তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনকলৈ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি সাজু হৈছে নগাঁও জিলা প্ৰশাসন।
জিলাখনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ভোটগ্ৰহণৰ সকলো সামগ্ৰী লৈ নিজ নিজ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পলিং আৰু প্ৰিজাইডিং বিষয়াসকল। নগাঁৱৰ দহটা পৰিষদীয় সমষ্টিত মুঠ ১০১ টা ভোটকেন্দ্ৰৰ বাবে ১৮৭ গৰাকী প্ৰিজাইডিং আৰু ৩৯৮ গৰাকী পলিং বিষয়া নিয়োগ কৰা হৈছে।
উল্লেখ্য যে নগাঁৱৰ দহটা পৰিষদীয় সমষ্টিত মুঠ ৩৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮০২৪২ গৰাকী ভোটাৰে। ইফালে কামৰূপ মহানগৰৰ ডিমৰীয়াত থকা ছটাকৈ পৰিষদত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বিৰোধিতা কৰিছে আমৰি কাৰ্বি দল-সংগঠন সমূহে।