কঠিয়াতলী– তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰো তুংগত উঠিছে। মধ্য অসমৰ কঠিয়াতলীৰ ৩০ নং নামবৰ লালুং আৰু ৩১ নং লালুংপাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ইন্দ্ৰ বৰদলৈ আৰু মদন বৰদলৈৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে বি জে পিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ছুমু ৰংহাং,নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই , অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামী,নগাঁও জিলা কিষান মৰ্চাৰ উপ সভাপতি উত্তম চন্দ্ৰ দাসকে ধৰি বিজেপিৰ বহু হাইপ্ৰফাইল নেতা।
পাৰিষদ গঠনৰ বাবে ভোটাৰক আকৃষ্ট কৰিবৰ বাবে শাসনাধীষ্ঠ দলটোৱে সকলো কৌশলেই ৰচনা কৰিছে নিৰ্বাচনী প্ৰচাৰত। বিটিচি নিৰ্বাচনত সফলতা লাভ কৰি আত্মবিশ্বাসী হৈ পৰা বিজেপিৰ সভাপতি জনে কয়, “কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যিমানে যি নকওঁক কংগ্ৰেছ দল একৰ পৰা শূন্যলৈ যাব”।
তিৱা স্বায়ত্ব পৰিষদৰ আটাইকেইখন আসন বি জে পি দলে দখল কৰিব বুলিও দাবী কৰে সভাপতি ৰঞ্জিত দাসে।