তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ অগ্ৰগতি

মৰিগাঁও- তিৱা স্বায়ত্ব শাসিত পৰিষদৰ আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগণনা | মুঠ ৩৬ টা সমষ্টিৰ ভিতৰত ৩৫টা সমষ্টিত যোৱা ১৭ ডিচেম্বৰত হৈছিল ভোটগ্ৰহন | মৰিগাও জিলাৰ এটা সমষ্টিত বিজেপিৰ এজন প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল | মুঠ ১২৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব |

তিৱা পৰিষদ গঠনৰ ক্ষেত্ৰত মৰিগাও জিলা ১৯ টা সমষ্টিৰ ফলাফলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে | জিলা খনত বিজেপি আৰু কংগ্ৰেছে ১৭টাকৈ অগপই ৬টা, আম আদমী পাৰ্টীয়ে ৪টা সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে ১৪ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে |

শেহতীয়া ফলাফল অনুসৰি বিজেপি দলে দিনৰ ১১ বজালৈকে ১৫টা সমষ্টিত আগবাঢ়ি আছে |

আনহাতে নগাঁও জিলা দহটা তিৱা পৰিষদীয় সমষ্টিৰ ভোটগণনা নগাওঁ দচন হাইস্কুলত আৰম্ভ হৈছে । প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰ আৰম্ভ হৈছে ভোটগণনা | নগাঁৱৰ তিৱা পৰিষদীয় সমষ্টি

বাৰপুজিয়া,টপাকুছি,পুখুৰীপাৰ,জৰাবাৰী, জোঙালবলহু, চহৰি, লুতুমাৰী,কমাৰগাঁও, নামবৰ লালুং, লালুংপাৰ

মুঠ প্ৰাৰ্থী ৩৮ জন ভোট গণনাৰ প্ৰথম ৰাউণ্ডত নগাঁৱৰ গণনা হোৱা পাঁচটা সমষ্টি ভিতৰত ৩ টাত বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply