সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেক্স: আজিৰে পৰা আৰম্ভ হৈছে ক’ভিড ভেকচিন দিয়াৰ প্ৰক্ৰিয়া I প্ৰথম দুটা পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ দিয়াৰ কথা কোৱা হৈছে যদিও তৃতীয় পৰ্যায়ত কেনেদৰে দিব সেই সম্পৰ্কে এতিয়াও স্পষ্ট হোৱা নাই I কেন্দ্ৰীয় চৰকাৰেও স্থিতি স্পষ্ট কৰা নাই I ৰাজ্য চৰকাৰে কেনেদৰে সহায় কৰিব Iবিনামূলীয়া হ’বনে ক’ভিড ভেকচিন I

এই সম্পৰ্কে অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ‘প্ৰথম পৰ্যায়ৰ ছিটাকৰণ বিনামূলীয়া হ’ব। অৰ্থাৎ ২.৯ লাখ ছিটা বিনামূলীয়া হ’ব। প্ৰথম দুটা পৰ্যায়ত সামৰি ল’ব, ক’ভিড যোদ্ধা আৰু ফ্ৰণ্টলাইন যোদ্ধা সকলক। কিন্তু তৃতীয় পৰ্যায়ৰ ছিটাকৰণ কি হ’ব সেই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো কথা জনোৱা নাই।’

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘অসম আৰোগ্য নিধিৰ বাবে ৰাইজৰ ফালৰ পৰা যিখিনি বৰঙণি পোৱা গৈছিল, সেইখিনি আমি আচুতীয়াকৈ জমা কৰি ৰাখিছোঁ। যদি কেন্দ্ৰই ৰাজ্য চৰকাৰে ৫০ বা ৩০ শতাংশ দিব লাগিব বুলি কয়, তেন্তে ক’ভিডৰ সময়ত ৰাইজে দিয়া জমা বৰঙণিখিনি খৰচ কৰাৰ বাবে আমি মানসিকভাৱে সাজু হৈছোঁ। এতিয়ালৈকে কেন্দ্ৰই এই বিষয়ে একো জনোৱা নাই।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply