তেজপুৰ– তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত শোণিতপুৰ জিলা কংগ্ৰেছ আৰু শোণিতপুৰ জিলা এনএছইউআই, যুৱ কংগ্ৰেছে তেজপুৰস্থ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদকাৰীসকলে চাহ জনজাতিক জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি ,মাটিৰ পট্টা প্ৰদান আৰু অসম নগাৰাজ্যৰ সীমা সমস্যা শীঘ্ৰে সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।
অতি শীঘ্ৰে বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে যদি এই দাবী মানি নলয় তেন্তে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক গাদীৰ পৰা ওফৰাই দিয়াৰো হুংকাৰ দিয়ে সংগঠনটোৱে । বিজেপি গ’ বেক, সীমা সমস্যা সমাধান কৰক, সৰ্বানন্দৰ কাম নাই, মাটিৰ পটা প্ৰদান কৰক ইত্যাদি শাসক বিৰোধী ধ্বনিৰে কংগ্ৰেছ কৰ্মী তথা প্ৰতিবাদকাৰী সকলে পৰিবেশ উত্তাল কৰি তোলে ।