পল্লবী বৰা, তেজপুৰ: পেট্ৰল, ডিজেল মূল্য বৃদ্ধি , নিবনুৱা সমস্যা , বয়বস্তু দাম বৃদ্ধি আৰু কৃষক বিৰোধী আইন বাতিলৰ দাবীত , শুকুৰবাৰে শোণিতপুৰ জিলা যুব কংগ্ৰেছৰ উদ্যোগত তেজপুৰ সমষ্টি যুব কংগ্ৰেছৰ সহযোগত তেজপুৰ ৰাজীৱ ভৱনৰ পৰা তেজপুৰ আদালত চাৰিআলিলৈকে এক প্ৰতিবাদী সমদল উলিয়াই । উক্ত কাৰ্যসূচীত নৰেন্দ্ৰ মোদী হাই হাই , সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ , বিজেপি চৰকাৰ মূৰ্দাবাদ ধ্বনিৰে তেজপুৰ চহৰৰ উত্তাল কৰে তোলে ।
উক্ত কাৰ্যসূচীত তেজপুৰ যুব কংগ্ৰেছৰ সভাপতি আৰ্মান ছেইখে সংবাদ মাধ্যমৰ আগত কয় যে , চৰকাৰে কৃষক বিৰোধী আইনৰ লগতে যি সমূহ দাবী অতি সোনকালে নামানে তেন্তে অনাগত দিনত অধিক তীব্ৰতৰ আৰু জঙ্গী আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি জানিবলৈ দিয়ে |