তেজপুৰ– “কা” বাতিলৰ দাবীত পুনৰ ৰাজপথত নামি পৰিল অসমৰ দল সংগঠন । তেজপুৰত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয় পৰিষদ,শোণিতপুৰ জিলা সমিতি আৰু সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ।
যি সময়ত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নাগৰিকত্ব দিয়াৰ কুচকাৱাজ চলাইছে, সেইসময়তে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে অসমৰ দল সংগঠন।আজি তেজপুৰ অসম জাতীয় পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদৰ কেচা তেজ অথলে যাবলৈ দিয়া নহব বুলি এক প্ৰতিবাদী সমদল উলিয়াই এক প্ৰতিবাদ সাব্যস্ত কৰে ।
বিজেপি গো বেক, সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ, ‘কা’ আমি নামানো বুলি শ্লোগান দি উত্তাল কৰি তোলে তেজপুৰৰ ৰাজপথ ৷