তেজপুৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গঢ়ি উঠা মানৱ সম্পদ সমাজৰ বাবে লাভান্বিত হব । কভিড ১৯ জৰিয়তে শিক্ষা ক্ষেত্ৰত কোনো ক্ষতি কৰিব পৰা নাই আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান সহাৰি জনাই কৰোণা বিৰুদ্ধে যুঁজ দি সকলোকে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৱ ভাৰত গঢ়াৰ যি প্ৰচেষ্টা তাত শিক্ষাথী সকলৰ সহযোগীতা কামনা কৰে । প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ যি ভিজন তাক সফল কৰিবলৈ আহ্বান জনাই । তেজপুৰ বিশ্ববিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় অষ্টাদশ সমাৱৰ্তন সমাৰোহ |
ঐতিহাসিক অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত তেজপুৰ বিশ্ববিদ্যালয়ে উৎকৃষ্ট মানৱ সম্পদ গঢ় দি সমগ্ৰ বিশ্বতে নিজৰ চাক্ষুস বহন কৰিবলৈ সক্ষম হৈছে৷ ভৌগোলিক দিশৰ পৰা অতি মনোৰম ঠাই তেজপুৰত প্ৰতিষ্ঠিত এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শৈক্ষিক দিশৰ লগতে আনুসংগিক সকলো দিশতে উত্তৰণৰ বাট বুটলি গোলকীয় পৃথিৱীত দোপতদোপে আগবাঢ়ি যাওক৷”
শুকুৰবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাৱৰ্তনত ভিডিঅ কনফাৰেঞ্চ যোগে উপস্থিত থাকি অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখীয়ে এই মন্তব্য আগবঢ়ায়৷ ৰাজ্যপাল গৰাকী বৰ্তমান চেন্নাইত চিকিত্সাধীন হৈ থকাৰ বাবে অনলাইন যোগে অংশ লয় |

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছাৰ বিনোদ কুমাৰ জৈনৰ সঞ্চালনাত অনুষ্ঠিত এই সমাৱৰ্তনত তেজপুৰ বিশ্ববিদ্যালয়ৰ সৰ্বমুঠ ১২১৮ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হয়৷ ৮৬ গৰাকীক ডক্তৰেট ডিগ্ৰী, ৭২৫ গৰাকীক স্নাতকোত্তৰ, ৩৭১ গৰাকীক বি-টেক,বি এছ চি আৰু বিএ, ৩৬ গৰকীক পি জি ডিপ্ল’মা আৰু ৪৬ গৰাকীক অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্নিং প্ৰগ্ৰেমৰ অধীনত ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হয়৷ ইয়াৰে শীৰ্ষ ৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় সোণৰ পদক৷
তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সমাৱৰ্তনত বিশ্ববিদ্যালয়খনৰ শিক্ষক আৰু কৰ্মচাৰী সমাজ, তেজপুৰৰ বহু বিশিষ্ট ব্যক্তি তথা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত মুখ্য অতিথিৰূপে ভিডিঅ কনফাৰেঞ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ ২৬ বছৰীয়া ইতিহাসত মানৱ সম্পদ বিকাশ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । দেশৰ শিক্ষা আৰু মানৱ সম্পদ বিকাশ আৰু উন্নয়নৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ ভুমিকা গ্ৰহণ কৰি আহিছে । কভিড ১৯ মহামাৰী কালতো শিক্ষা গ্ৰহণ কৰি আহিছে আৰু দেশক নেতৃত্বত দি যোদ্ধা হিচাপে কাম কৰি আহিছে ।
একেদৰে দেশৰ শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল ভিডিঅ কনফাৰেঞ্চত জৰিয়তে উপস্থিত থাকি শিক্ষাথী সকলক শুভেচ্ছা দি দেশৰ মানব সম্পদ গঢ়াৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ নেতৃত্বত প্ৰদান কৰি নিজৰ বিশ্ববিদ্যালয়ক দেশৰ ভিতৰতে এখন উন্নত মানৰ শিক্ষা প্ৰতিষ্ঠান গঢ়ি তোলাত সক্ষম হোৱাতো গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে ।
অসম মুখ্যমন্ত্ৰী সবানন্দ সোনোৱালে মুখ্যঅতিথি হিচাপে উপস্থিতি থাকি তেজপুৰ বিশ্ববিদ্যালয় যিহেতু অসম চুক্তিৰ আধাৰত তথা ছহীদৰ ত্যাগৰ বিনিময়ত গঢ় লৈ উঠিছিল, সেয়ে ছহীদৰ আত্মত্যাগক যথোচিত সন্মান যঁচাৰ পৰিকল্পনা গঢ় দিবলৈ বিশ্ববিদ্যালয়খনৰ প্ৰতি আহ্বান জনায়৷ ১৯৯৪ চনত প্ৰতিষ্ঠিত তেজপুৰ বিশ্ববিদ্যালয়যে মানৱ সম্পদ উন্নয়ন ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱাৰ লগতে নিজৰ জীৱন সুন্দৰ ভাৱে গঢ়ি তুলিবলৈ সক্ষম হৈছে ।