দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন

দুলীয়াজান– আজিৰে পৰা তৈলনগৰী দুলীয়াজানত আৰম্ভ হৈছে আছুৰ সাধাৰণ অধিৱেশন। ১৮ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ দুলীয়াজানৰ ছলাকটকী ৰাজহুৱা খেলপথাৰত অনুস্থিত হ’ব এই অধিৱেশন। বিভিন্ন প্ৰান্তৰ ১০ হেজাৰ ছাত্ৰ প্ৰতিনিধিয়ে এই অধিৱেশনত অংশ গ্ৰহণ কৰিব।

অতিথিসকলক আপ্য়ায়নৰ বাবে ১৭০ফুট দৈৰ্ঘ্য় আৰু ৫৫ ফুট প্ৰস্থৰ দুটাকৈ ৰান্ধনী গৃহৰ নিৰ্মাণ কৰা হৈছে।

আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মূল তোৰণৰ আৰ্হিত সাজি উলিওৱা অধিবেশনৰ মূল বাটচ’ৰা মুকলি কৰে দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোকবিকাশ গগৈয়ে ,অধিৱেশনৰ মূল তোৰন মূকলি কৰে দুলীয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্য়ক্ষ পূৰ্ণকান্ত হাজৰিকাই।

দিনৰ ১বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ পিছত প্ৰতিনিধিৰ শিবিৰ মুকলি কৰিব দুলীয়াজান মহাবিদ্যালয়ৰ উপাধ্য়ক্ষ সন্তোষ দাসে। আবেলি ৩বজাত অতিথিশালাৰ দ্বাৰ মুকলি কৰিব অইলৰ মূখ্য় আৱাসিক বিষয়া দিলীপ কুমাৰ দাসে।

বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰে সৈতে অনুষ্ঠিত হ’বলগীয়া অধিবেশনত ১৯ নবেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব সভাপতি দীপাংক কুমাৰ নাথে আৰু শ্বহীদ তৰ্পন কৰিব সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।

এই অধিবেশনতে ঘোষণা কৰা হ’ব আছুৰ পৰৱৰ্তী সভাপতি,সাধাৰণ সম্পাদকৰ নাম। লগতে আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য়য়ো এই অধিৱেশনতে আছু ত্য়াগ কৰা সম্ভাৱনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply