২০২১ বৰ্ষৰ পদ্ম বঁটা ঘোষণা

নিউজ ডেস্ক: ৭২ তম গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা পদ্ম সন্মান ঘোষণা কৰা হৈছে | অসমৰ ৯ গৰাকীলৈ আগবঢ়োৱা হৈছে | প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰ ভাবে আগবঢ়োৱা হৈছে পদ্মভূষণ | অসমৰ ৮ গৰাকীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান | সাহিত্যিক মংগল সিং হাজোৱাৰী, শিল্পী দুলাল মানকী, সমাজকৰ্মী বিৰুৱালা ৰাভা, সাহিত্যিক ইমৰান শ্বাহ, উদ্যোগী মহিলা লখিমী বৰুৱা, সামাজিক ক্ষেত্ৰত বিজয়া চক্ৰবৰ্তী, লেখক ৰোমান শৰ্মা আৰু

মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ গুনী ,সাধক ,প্ৰচাৰক অধ্যাপক বৰগায়ন,বৰ ওজা, নামলগোৱা, চৰিত্ৰ তোলা নামঞ্জনীয়া বুঢ়াভকত শ্ৰী গোপীৰাম বুঢ়াভকত লৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰনালয়ে আগবঢ়ালে ২০২১ বৰ্ষৰ পদ্মশ্ৰী সন্মান।

এইবছৰ ৭ গৰাকীলৈ দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মাণ পদ্মবিভূষণ আগবঢ়োৱা হৈছে | ১০ গৰাকী লোকলৈ আনহাতে পদ্মভূষণ সন্মান লাভ কৰিছে | আনহাতে ১০২ গৰাকী লোকলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে |

এইবাৰৰ তালিকাত বলিউডৰ এজনো চেলিব্ৰেটীৰ নাম অন্তভুক্ত নকৰিলে | মৰণোত্তৰ ভাবে সংগীতজ্ঞ এছ পি বালাসুব্ৰামণিয়ামলৈ পদ্মবিভূষণ সন্মান আগবঢ়োৱা হৈছে | প্ৰয়াত মন্ত্ৰী ৰামবিলাস পাছোৱানলৈ আগবঢ়োৱা হৈছে পদ্মভূষণ সন্মান | এইবাৰৰ তালিকাত ৭ জন বিদেশী ব্যক্তিৰ ভিতৰত পদ্ম বিভূষণ সন্মানেৰে সন্মানীত কৰিছে জাপানৰ প্ৰাক্তণ প্ৰধানমন্ত্ৰী ছিনজো এবেক |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply