গুৱাহাটী – আজি পুৱাতেই গুৱাহাটীত উপস্থিত হ’ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাহুল গান্ধী। বিমানবন্দৰৰ পৰা পোনে পোনে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ ধূপ-চাকি জ্বলাই তৰুণ গগৈক সেৱা জনালে ৰাহুল গান্ধীয়ে।কলাক্ষেত্ৰত অন্তিম বিদায় জনাই প্ৰিয় নেতা গৰাকীক সোৱঁৰি সংবাদ মাধ্যমক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয়, “তৰুণ গগৈ মোৰ গুৰু আছিল। এগৰাকী শিক্ষক আছিল।ব্যক্তিগতভাৱে মই অতিকৈ দুঃখিত। তৰুণ গগৈয়ে জাতি-বৰ্ণ নিবিৰ্শেষে সকলোকে আকোৱালি লব জানিছিল। যেতিয়া মই অসমলৈ আহিছো, তেতিয়াই তেওঁক সাক্ষাৎ কৰিছো। এয়া কংগ্ৰেছ দলৰ বাবে এক বৃহৎ ক্ষতি।”

তেওঁ লগতে কয় যে গগৈৰ লগত কথা পাতিলে এগৰাকী ব্যক্তিৰ সৈতে কথা পতা যেন নালাগে। অসমৰ বাবে বহু কথা বুজি পাইছিল তেওঁ। তৰুণ গগৈৰ মৃত্যুৰ লগে লগে এগৰাকী শিক্ষক হেৰুৱালো বুলিও ৰাহুল গান্ধীয়ে টুইট কৰিছিল।

তৰুণ গগৈক অন্তিম বিদায় জনাই কংগ্ৰেছ নেতা ৰাহুল গান্ধী উপস্থিত হয় তৰুণ গগৈৰ চৰকাৰী বাসভৱনত। পৰিয়ালৰ লোকক চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে নেতাগৰাকীয়ে। তৰুণ গগৈৰ পত্নী ডলী গগৈকো সাক্ষাৎ কৰি সমবেদনা জনায় ৰাহুল গান্ধীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply