গুৱাহাটী – বহুচৰ্চিত কংগ্ৰেছ এআইইউডিএফ মিত্ৰতা আৰু বিজেপি বিৰোধী শক্তিৰ মিত্ৰজোঁটৰ নেতৃত্বত থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। কালি এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ খবৰ ল’বলৈ গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত উপস্থিত হৈ এই মন্তব্য কৰে। তেওঁ লগতে এই কথাও কয় যে কংগ্ৰেছৰ সৈতে চলি থকা মিত্ৰতা সম্পৰ্কে আনুষ্ঠানিক ঘোষণাত কিছু সময় লাগিব।

আজমলে লগতে কয়, “মিত্ৰতা নিশ্চিত৷ এই ক্ষেত্ৰত কিছু কাৰ্যবিধি আছে। বৰ্তমান সকলো সঠিক দিশত গৈ আছে। যি হৈছে সকলো ভালেই হব ।”

তৰুণ গগৈৰ স্বাস্থ্য আগতকৈ যথেষ্ট উন্নত হৈছে আৰু শীঘ্ৰেই সক্ৰিয় ৰাজনীতিলৈ উভতি আহিব বৰ্ষীয়ান নেতাজন। এইবুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে। তেওঁ লগতে নতুন আঞ্চলিক দল সন্দৰ্ভত মন্তব্য কৰি সকলোকে একেলগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আহ্বান জনায় । আজমলে কয় – “আগন্তুক দিনত বিজেপি অকলশৰীয়া হৈ যাব”৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply