আৰক্ষীয়ে আটক কৰে দুজনকৈ তীৰখেলৰ বুকী

গৰৈমাৰী– ছয়গাঁৱ গৰৈমাৰীত জুৱা আৰু তীৰ খেলৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ অভিযান। অভিযানত আৰক্ষীয়ে তীৰখেলৰ ঘাটি উৎখাত কৰাৰ লগতে আটক কৰে দুজনক। ধৃত লোককেইজন মংগলচন্দ্ৰ বাঢ়ৈ আৰু শম্ভুচৰণ সৰকাৰ।

লগতে আৰক্ষীয়ে খেলত ব্যৱহৃত সামগ্ৰীসহ নগদ ২২,৯৯৫ টকা জব্দ কৰে। ধৃত তীৰখেলৰ বুকী দুজনক গৰৈমাৰী আৰক্ষী চকীলৈ নি জেৰা অব্যাহত ৰাখিছে ৷

দীৰ্ঘদিন ধৰি গৰৈমাৰীঅঞ্চলত অবৈধ ভাৱে চলি আছে তীৰখেল। মঙলবাৰে গৰৈমাৰী পুখুৰীপাৰাৰ পৰা আৰক্ষীয়ে দুজনকৈ তীৰখেলৰ বুকীক আটক কৰিবলৈ সক্ষম হয়।

মঙলবাৰে বিয়লি ছয়গাঁও আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল এক বৃহৎ অভিযান ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply