দক্ষিণ শালমাৰা – দক্ষিণ শালমাৰাৰ ধেনাৰকুটি গাঁৱত গাঞ্জা খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ এজনক। অৰ্ধশতাধিক গাঞ্জা গছ কাটি তহিলং কৰিলে আৰক্ষীয়ে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী ধেনাৰকুটি গাঁৱৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল ৰয় প্ৰধানীয়ে এক গোপন সূত্ৰৰ আধাৰত ধেনাৰকুটি গাঁৱৰ প্ৰয়াত কেৰামত আলিৰ পুত্ৰ হাফিজুৰ ৰহমানৰ ঘৰত অভিযান চলায়।

আৰক্ষীৰ অভিযানত লোকজনৰ ঘৰৰ চোতালতে গাঞ্জা খেতি দেখা পাই আৰক্ষীয়ে প্ৰায় অৰ্ধশতাধিক গাঞ্জা গছ কাটি তহিলং কৰে। একেদৰে লোক জনৰ ঘৰৰ ভিতৰত পৰাও প্ৰায় চাৰি কেজি গাঞ্জা আৰক্ষীয়ে জব্দ কৰে। ইতিমধ্যে আৰক্ষীয়ে হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে।

মন কৰিবলগীয়া বিষয় যে দক্ষিণ শালমাৰাৰ বিভিন্ন প্ৰান্ততত একাংশ দুষ্ট চক্ৰই গাঞ্জা, আফিং খেতি কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে বুলি জানিব পৰা গৈছে। ফলত আৰক্ষীয়ে এইদৰে বিভিন্ন ঠাইত অভিযান চলাই গাঞ্জা জব্দ কৰা অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply