দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গৌৰৱ ৰশ্বিনুল আলম

মানকাচৰ – সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ভিতৰত ৬১ নং স্থান দখল কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ৰশ্বিনুল আলম। ৰশ্বিনুল আলমৰ সফলতাকলৈ উৎফুল্লিত হৈ পৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলাবাসী।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ পাটাকাটা কাঠডাঙ্গা গাঁৱৰ বাসিন্ধা মহিবুৰ ৰহমানৰ পুত্ৰ ৰশ্বিনুল আলম দ্বিতীয় বাৰৰ বাবে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাত জিলাখনত গৌৰব কঢ়িয়াই আনিছে। সৰুৰে পৰা সমাজৰ উন্নয়নৰ সপোন মনত লৈ মেধাবী ছাত্ৰজনে দিনে-নিশাই যথেষ্ট কষ্ট কৰি অৱশেষত সফলতা লাভ কৰিবলৈ সক্ষম হয়।

হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৮৩ শতাংশ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৫৭ শতাংশ নম্বৰ লাভ কৰিছিল ৰশ্বিনুল আলমে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত কম নম্বৰ লাভ কৰিলেও ৰশ্বিনুল আলমে এ পি এছ চি আৰু ইউ পি এছ চি পৰীক্ষাৰ বাবে দিনে-নিশাই প্ৰস্তুতি চলাই গৈছিল।এ পি এছ চি পৰীক্ষাত ৰশ্বিনুল আলমে ৬১ নং স্থান লাভ কৰিলেও ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে।

ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ লগতে সমাজৰ বাবে ভাল কাম কৰাৰ আশাৰে ৰশ্বিনুল আলমে এইবাৰ ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হ’ব বুলি জকনিবলৈ দিয়ে।অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৰশ্বিনুল আলমে সফলতা অৰ্জন কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে জিলাবাসী। জিলাবাসীৰ লগতে ৰশ্বিনুল আলমৰ পৰিয়াল তথা আত্মীয় স্বজন ৰশ্বিনুল আলমৰ সফলতাকলৈ আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply